প্লাষ্টিক বৰ্জনৰ শ্ল'গানেৰে নগাঁৱৰ ঠায়ে ঠায়ে পালন বিশ্ব পৰিৱেশ দিৱস...

প্লাষ্টিক বৰ্জনৰ শ্ল'গানেৰে নগাঁৱৰ ঠায়ে ঠায়ে পালন বিশ্ব পৰিৱেশ দিৱস...

ডিজিটেল সংবাদ, নগাঁও : বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নগাঁও জিলা প্ৰশাসনে নগাঁও পৌৰসভাৰ সহযোগত চলিত বছৰৰ "প্লাষ্টিক প্ৰদূষণক পৰাস্ত কৰা" প্ৰচাৰ অভিযানৰ অন্তৰ্গত "প্লাষ্টিক প্ৰদূষণৰ সমাধান" শীৰ্ষক বিষয়বস্তুৰ অধীনত গছপুলি ৰোপণ অভিযানেৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে। নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে নগাঁৱৰ মাৰাৰ উদ্যানত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি গছপুলি ৰোপণ কৰে। উপাযুক্তগৰাকীয়ে সামগ্ৰিকভাৱে এখন সেউজীয়া পৃথিৱীৰ বাবে আমাৰ দৈনন্দিন জীৱনত পৰিৱেশৰ অনুকূল আচৰণগত পৰিৱৰ্তন আনিবলৈ আহ্বান জনায়।

আনহাতে নগাঁও পৌৰসভাৰ সভানেত্ৰী অম্বিকা মজুমদাৰৰ নেতৃত্বত উপস্থিত সকলোৱে “মিছন লাইফৰ” প্ৰতিশ্ৰুতিও গ্ৰহণ কৰে। বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত দেবহুতি বৰা, অতিৰিক্ত উপায়ুক্ত বিক্ৰম ছেত্ৰী, নগাঁও পৌৰসভাৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী বিষয়া শিল্পী আৰ. পণ্ডিত, নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰাৰ লগতে জিলা নিৰ্বাচনী বিষয়া আৰু জিলা প্ৰশাসন আৰু নগাঁও পৌৰসভাৰ বিষয়া আৰু সদস্যসকল উপস্থিত থাকে।

ইপিনে অসম চৰকাৰৰ পৰিৱেশ আৰু বনবিভাগৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু জিলা প্ৰশাসনৰ সহযোগত "গান্ধাৰ" নামৰ এক সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ দ্বাৰা নগাঁও চহৰৰ মৰিগাঁও বাছ আস্থানৰ সমীপত "প্লাষ্টিক এৰোঁ পৃথিৱী গঢ়োঁ" শীৰ্ষক এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়। উল্লেখ্য যে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগ আৰু চাৰিওখন পৌৰসভাত গছপুলি ৰোপণ অভিযান আৰু বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই দিৱস উপলক্ষে জিলাখনৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ উদ্যোগত গছপুলি ৰোপণ অভিযান আৰু সজাগতা শোভাযাত্ৰা উলিওৱা হয়।

ইপিনে নগাঁও সচেতন জ্যেষ্ঠ নাগৰিক মঞ্চৰ উদ্যোগত আজি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে নগাঁও চহৰৰ মহাত্মা গান্ধী পথত থকা ৰাম কৃষ্ণ সেৱা সমিতিত নগাঁও সচেতন জ্যেষ্ঠ নাগৰিক মঞ্চৰ কাৰ্যকৰী সভাপতি দ্বীজেন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ধিং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ শৰৎ দত্তই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মানৱজাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত পৰিৱেশ সুস্থ ৰখাৰ আহ্বান জনাই কয় যে, পাৰিপাৰ্শ্বিক পৰিৱেশ মূলত: উন্নত দেশৰ পৰাহে প্ৰদূষিত হৈছে। ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ তুলনাত উত্তৰ-পূৰ্ৱাঞ্চলৰ ৰাজ্য কেইখনৰ প্ৰাকৃতিক পৰিৱেশ বহুখিনি সুস্থ বুলি তেওঁ মন্তব্য কৰে।

নগাঁও সচেতন জ্যেষ্ঠ নাগৰিক মঞ্চৰ সম্পাদক মুক্তি বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিশিষ্ট নাট্যকৰ্মী পুণ্যদা বৰা, নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পৱন শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক ৰমেশ গোস্বামী, সমাজকৰ্মী প্ৰভাত শইকীয়া, আশোকৰাম ভট্টাচাৰ্য প্ৰমুখ্যে ব্যক্তিসকলে বিশ্ব পৰিৱেশ দিৱসৰ তাৎপর্যৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে। সভাত কবি গুনদা গোস্বামীয়ে পৰিৱেশ শীৰ্ষক এটি স্বৰচিত কবিতা পাঠ কৰে। সভাৰ পূৰ্বে ৰামকৃষ্ণ সেৱা সমিতি কাৰ্যালয় চৌহদত দুটি গছপুলি ৰোপন কৰা হয়।

ইপিনে নগাঁও জিলা ন্যায়ধীশ প্ৰাধিকৰণৰ উদ্যোগত ধেনুচোচা মজলীয়া বিদ্যালয়ৰ সহযোগত ধেনুচোচা মজলীয়া বিদ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়৷ প্ৰথমে গছপুলি ৰোপন আৰু প্ৰতিপালন, প্লাষ্টিক বৰ্জন আদি বিষয়ত সজাগতা সৃষ্টিৰ বাবে শোভাযাত্ৰা উলিওৱা হয়। শুভাযাত্ৰাৰ শুভাৰম্ভ কৰে নগাঁও জিলা ন্যায়ধীশ প্ৰাধিকৰণৰ সম্পাদিকা মণিকা মিচঙে৷ শোভাযাত্ৰাৰ অন্তত গছপুলি ৰোপন আৰু সজাগতা সভা অনুষ্ঠিত হয় ৷

আনহাতে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাংস্কৃতিক অনুষ্ঠান আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ নগাঁও ইন্টাৰনেছনেল স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলে নগাঁও চহৰৰ মিছন মাৰ্কেটত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি "বসন্ত আকৌ আহিব" শীৰ্ষক এখনি সজাগতা মূলক বাটৰ নাট প্ৰদৰ্শন কৰে। নগাঁও আৰবান সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগতো বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। প্ৰকল্প বিষয়া ভবজ্যোতি শইকীয়াৰ নেতৃত্বত কাৰ্যালয়ৰ চৌহদত বৃক্ষ ৰোপন কৰা হয়‌ এই কাৰ্যসূচীত মুখ্য সেৱীকা, অঙ্গনাবাড়ী কৰ্মী আদিয়ে অংশগ্ৰহণ কৰে। লগতে বৃক্ষ ৰোপনৰ সংকল্পও পাঠ কৰা হয়।

প্লাষ্টিক বৰ্জনৰ শ্ল'গানেৰে নগাঁৱৰ ঠায়ে ঠায়ে পালন বিশ্ব পৰিৱেশ দিৱস...
সদৌ অসম অৱসৰপ্ৰাপ্ত বনবিষয়া সন্থাৰ বিশ্ব পৰিৱেশ দিৱস পালন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in