/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ec46de13-bd13-4137-ab36-992887cff4ce/Mayong_environ.jpg)
ডিজিটেল ডেস্ক, মায়ং : সমগ্ৰ ৰাজ্যৰ লগতে সোমবাৰে মৰিগাঁও জিলাৰ কেইবাখনো শিক্ষানুষ্ঠানত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। মায়ঙৰ শংকৰদেৱ শিশু নিকেতনত সদৌ অসম অৱসৰপ্ৰাপ্ত বন বিষয়া সন্থাই জন্ম দিয়া ৱাইল্ড লাইফ ট্ৰাষ্টৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়।
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে বিদ্যালয় চৌহদত গছ পুলি ৰোপণ কৰা হয়। সংস্থাৰ সভাপতি অৱসৰপ্ৰাপ্ত ডি এফ অ সুৰজিত দত্তই বন্তি প্ৰজ্বলন কৰাৰ পিছতেই দুপৰীয়াৰ ভাগত পৰিৱেশ সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ সজাগতা সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড০ ফনিভূষন নাথৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত ভাষণ আগবঢ়াই অৱসৰপ্ৰাপ্ত মুখ্য বনসংৰক্ষক ড০ অভিজিত ৰাভা, অৱসৰপ্ৰাপ্ত বনবিষয়া ৰুদ্ৰ গোস্বামী, নাৰায়ণ মহন্ত, পি এন বৰদলৈ কে ধৰি কেইবাজনো বন বিষয়াই। উক্ত অনুষ্ঠানত আদৰণি ভাষণ দিয়ে মায়ং আঞ্চলিক ক্ৰীড়া সন্থাৰ সম্পাদক মনোজ নাথে।
আনহাতে গাগলমাৰী আঞ্চলিক মাধ্যমিক বিদ্যালয়তো বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। ঝাৰগাঁও পঞ্চায়তৰ অন্তৰ্গত গাগলমাৰী আঞ্চলিক মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে পালন কৰে বিশ্ব পৰিৱেশ দিৱস। এই উপলক্ষে বিদ্যালয়ৰ চৌহদত গছ পুলি ৰোপন কৰা হয়। লগতে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিদ্যালয়ৰ সভাপতি ইছমাইল আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাষণ দিয়ে সাংবাদিক নজৰুল ইছলাম আৰু প্ৰধান শিক্ষক ছহিদুল ইছলামে।
Also Read: সমবায় সমিতিৰ এজেন্টৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ: হাতে হাতে ৰেচন কাৰ্ডলৈ প্ৰতিবাদ মহিলাৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us