
ডিজিটেল ডেস্কঃ নগাঁৱৰ বেঙেনাআটিত উত্তপ্ত পৰিস্থিতি । বুধবাৰে এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
অভিযোগ অনুসৰি বোৱাৰী গৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছে পৰিয়ালৰ লোকে । বেঙেনাআটিৰ হীৰা গাঁৱত সংঘটিত এই ঘটনা।
পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে আৰক্ষীৰ লাঠিচালনাত পৰিস্থিতি নিয়ন্ত্রণ হয়। মহিলাগৰাকীক স্বামী আনাচাৰুল আৰু পৰিয়ালৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যা কৰাৰ অভিযোগ। মৃত মহিলাগৰাকীৰ নাম শ্বৰুফা বেগম । যৌতুকৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।