/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/143e2196-d18d-4979-a14f-5b8a700f9ff1/Man_Ki_Baat.jpg)
ডিজিটেল সংবাদ, বঢ়মপুৰ : নগাঁও জিলাৰ উৰিয়াগাঁৱৰ শেৱালী পুঁথিভড়াল প্রাঙ্গনত দেওবাৰে ভোটাই পাঠৰী মণ্ডলৰ ৬৮ আৰু ৬৯ নং বুথৰ প্ৰায় অৰ্ধশতাধিক মহিলাই অংশ গ্ৰহণ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ "মন কী বাত" অনুষ্ঠানত ৷
দেওবাৰে প্ৰধানমন্ত্ৰীৰ "মন কী বাত"ৰ অনুষ্ঠানৰ ১০০ সংখ্যক খণ্ডৰ সম্পূৰ্ণ হয় ৷ ৰাজ্যিক বিজিপিৰ অবিচি মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্যা নমিতা বৰাৰ নেতৃত্বত শ্ৰোতাৰ ৰূপত গ্ৰাম্যাঞ্চলৰ মহিলা সকলৰ লগতে পুৰুষ সকলো একত্ৰিত হৈ গভীৰ মনোযোগেৰে প্ৰধানমন্ত্ৰীৰ যোগাত্মক বাৰ্তা সমূহ "মন কী বাত" অনুষ্ঠানৰ যোগেদি শুনা পৰিলক্ষিত হয় ৷
দেওবাৰে এই অনুষ্ঠানত ৰাজ্যিক বিজেপি অবিচি মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্যা নমিতা বৰা, মণ্ডলটোৰ ৬৮ আৰু ৬৯ নং বুথৰ সভাপতি ক্ৰমে ভৱানী বৰা আৰু ৰিণা বৰা, জ্যেষ্ঠ বিজেপি কার্যকৰ্তা বীৰেন বৰা, সমাজসেৱক হৰ বৰা, প্ৰমুখ নৱজ্যোতি বৰা, জিলা অবিচি মৰ্চাৰ উপসভাপতি ৰাতুল বৰা আদিৰ লগতে বহু লোক উপস্থিত থাকে ।
Also Read: অসমীয়া বহুভাষী কবি ৰাজুমনি শইকীয়া লৈ "ৰাধা বল্লভ ৰয় স্মৃতি সাহিত্য বঁটা ২০২৩"...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us