নগাঁৱৰ ননৈত অব্যাহত বাঘৰ আতংক

নগাঁৱৰ ননৈত অব্যাহত বাঘৰ আতংক

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ ননৈত অব্যাহত বাঘৰ আতংক

ডিজিটেল সেৱা, কঠীয়াতলী:নগাঁৱৰ ননৈত অব্যাহত বাঘৰ আতংক। এতিয়াও ট্ৰেংকুলাইজ হোৱা নাই বাঘটো। যাৰ বাবে আতংকিত হৈ আছে অঞ্চলবাসী।

Advertisment

বন বিভাগে বাঘটো ট্ৰেংকুলাইজৰ চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হ'ব পৰা নাই । স্থানীয় লোকে তাল বজাই বন বিভাগৰ লোকৰ সৈতে বাঘটো খেদাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, বাঘ ধৰিবৰ বাবে নগাঁৱৰ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে চি আৰ পি চিৰ ১৪৪ (১) নং ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছিল। নগাঁও সদৰ থানাৰ অন্তৰ্গত জলাহগাঁও, উজৰাগাঁও, সুতাৰগাঁও, ভেলাইগাঁও, ননৈ নামাকুৰি, নিজ পাখিমৰীয়াকে ধৰি বাঘটো যোৱাৰ সম্ভাৱনা থকা ৰাজহ চক্ৰটোৰ অন্তৰ্গত সকলো গাঁওকে ধৰি সমগ্ৰ অঞ্চলটোত নিষেধাজ্ঞা জাৰি কৰিছিল। কিন্তু এতিয়াও বন বিভাগে বাঘটো ধৰিবলৈ সক্ষম হোৱা নাই।

Also Read: ''মালদ্বীপ নহয়, লক্ষ্যদ্বীপলৈ যাম'' নেতাৰ পোষ্টৰ পাছতেই ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড- 'বয়কট মালদ্বীপ'

tiger