নগাঁৱত সংবাদকৰ্মীৰ ঘৰত দিনদুপৰতে চোৰৰ চাফাই অভিযান

ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি মঙলবাৰে দিন দুপৰতে চোৰে চাফাই অভিযান চলায়।

author-image
Asomiya Pratidin
New Update
নগাঁৱত সংবাদকৰ্মীৰ ঘৰত দিনদুপৰতে চোৰৰ চাফাই অভিযান

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ এগৰাকী সাংবাদিকৰ ঘৰত চোৰৰ চাফাই অভিযান। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি মঙলবাৰে দিন দুপৰতে চোৰে চাফাই অভিযান চলায়। এটা বৈদুত্যিন মাধ্যমৰ সংবাদ গোষ্ঠীত কৰ্মৰত ভাস্কৰজ্যোতি বৰা নামৰ সাংবাদিকগৰাকীৰ বাসগৃহত সংঘটিত হয় এই চুৰি কাৰ্য।

Advertisment

নগাঁও চহৰৰ গাটে লাগি থকা কাৱৈমাৰীৰ বাসগৃহৰ ঘটনা এয়া। সাংবাদিকগৰাকীৰ পত্নী আৰু ভাই বোৱাৰীৰ সমস্ত সোণৰ আ-অলংকাৰ সহিতে নগদ ধন লুট কৰি নিয়ে। এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত।

Also Read: "কনকলতা বিশ্ববিদ্যালয়"ৰ স্থানক কেন্দ্ৰ কৰি নতুুন বিতৰ্ক

nagaon police