"কনকলতা বিশ্ববিদ্যালয়"ৰ স্থানক কেন্দ্ৰ কৰি নতুুন বিতৰ্ক

উপযুক্ত ক্ষতিপূৰণ আদায় নাপালে মাটি এৰি নিদিয়ে অফৰাখাটৰ একাংশ ৰাইজে...

author-image
Asomiya Pratidin
New Update
"কনকলতা বিশ্ববিদ্যালয়"ৰ স্থানক কেন্দ্ৰ কৰি নতুুন বিতৰ্ক

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ৪ নং লাটৰ অফৰাখাট(ঘাঁহিগাঁও)ত থকা মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ প্ৰায় ৫৫০ বিঘা লাখেৰাজ মাটি প্ৰস্তাৱিত "কনকলতা বিশ্ববিদ্যালয়" স্থাপনৰ বাবে মুক্ত মনেৰে আগবঢ়াবলৈ সত্ৰৰ সত্ৰাধিকাৰে সন্মতি প্ৰদান কৰাৰ বিষয়টোক কেন্দ্ৰ কৰি সমগ্ৰ বিষয়টোৱে এক গতি লাভ কৰাৰ পিছত শেহতীয়াভাৱে সৃষ্টি হৈছে এক নতুন বিতৰ্কৰ।অফৰাখাটৰ উক্ত স্থানক লৈ উদ্ভৱ হোৱা এই বিতৰ্কই এতিয়া কিছু পৰিমাণে অস্থিৰ কৰি তুলিছে অঞ্চলটোৰ পৰিৱেশ।

Advertisment

এই সংক্ৰান্তত মঙলবাৰে বিয়লি প্ৰায় ৩ বজাত অফৰাখাট গাঁৱৰ একাংশ ৰাইজে অফৰাখাট ৰংগমঞ্চত এখন সংবাদমেল সম্বোধন কৰি কয় যে- অফৰাখাট গাঁৱৰ খিলঞ্জীয়া কৃষি জীৱি ৰাইজে দক্ষিণ পাট সত্ৰৰ মাটিত পুৰুষাণুক্ৰমে ঘৰ-দুৱাৰ সাজি খেতি বাতি কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। উক্ত গাঁৱত থকা ৰাইজ কৃষি জীৱি আৰু ক্ষুদ্র কৃষক হোৱাৰ উপৰি পথাৰত খেতি কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছে।এইক্ষেত্ৰত স্থানীয় সমাজকৰ্মী বুবুল নাথে সংবাদমেলখনৰ আঁত ধৰি কয় যে- উক্ত মাটিত প্রায় ১৬০ ঘৰ পৰিয়ালে প্ৰায় ১৮০ বছৰ ধৰি চাৰিপুৰুষ স্থানীয় ভাবে বসবাস কৰি আহিছে । উক্ত পৰিয়ালসমূহৰ সেই মাটিৰ বাদে অন্য কোনো ঠাইত মাটি ভেটি একো নাই। তদুপৰি উক্ত মাটিত দখল ভোগ কৰাৰ বাবদ চৰকাৰ ও সত্ৰাধিকাৰৰ স্বাক্ষৰিত কেঁচা পট্টা দিয়া হৈছিল পৰিয়ালসমূহক।

কিন্তু পৰিতাপৰ বিষয় এই যে, উক্ত মাটিত কনকলতা বিশ্ববিদ্যালয়ৰ বাবে মাটি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিবলৈ আৰম্ভ হৈছে এক প্ৰক্ৰিয়া। যদি সেই মাটি আবণ্টন দিয়ে তেন্তে অফৰাখাটৰ ১৬০ ঘৰ কৃষি জীৱি খিলঞ্জীয়া কৃষক পৰিয়াল সমস্তে নিগমে মৃত্যুৰ মুখত পৰিবলগীয়া হ'ব পাৰে। এই সংক্ৰান্তত অফৰাখাট গাঁৱৰ শতাধিক ৰাইজে যোৱা ৩ অক্টোবৰত বিশ্বনাথ জিলাৰ আয়ুক্ত, গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক, গহপুৰ মহকুমাৰ মহকুমাধিপতি আৰু হেলেম ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ দিয়াৰ কথা উল্লেখ কৰি বুবুল নাথে আৰু কয় যে- কনকলতা বিশ্ববিদ্যালয় তেওঁলোকৰ অঞ্চলত হোৱাত তেওঁলোকে আদৰণি জনাইছে। কিন্তু দক্ষিণ পাট সত্ৰৰ অফৰাখাট গাঁৱৰ কৃষি জীৱি খিলঞ্জীয়া ৰাইজে ভোগ দখল কৰি থকা উক্ত খেতি ও বাৰী মাটিৰ উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা নকৰিলে এই মাটি কোনো কাৰণতে প্ৰস্তাৱিত কনকলতা বিশ্ববিদ্যালয়ৰ নামত এৰি দিয়া নহ'ব বুলি বুবুল নাথে সংবাদ মেলখনত উল্লেখ কৰে। তদুপৰি বিশ্ববিদ্যালয়খন স্থাপন হ'লে চাৰিওকাষৰ পকী বাউণ্ডেৰী ৱালে গাঁওখনত প্ৰলংকাৰী বান সৃষ্টি কৰিব বুলিও আশংকা ব্যক্ত কৰে বুবুল নাথে।

সংবাদমেলখনত তেওঁলোকৰ স্পষ্ট কথা এয়ে যে- আগতীয়াকৈ উপযুক্ত ক্ষতিপূৰণ নাপালে বিশ্ববিদ্যালয় স্থাপনৰ বাবে তেওঁলোকে মাটি এৰি নিদিয়াৰ লগতে আগতীয়াকৈ স্থায়ী সমাধান কৰি দিব লাগিব গাঁওখনৰ বান সমস্যাৰ। উক্ত সংবাদমেলত ৰমেশ নাথ, পৰমা নাথ, হেমকান্ত নাথ, সত্য নাথ, কৃষ্ণ ৰাম নাথ, অনিল কুমাৰ নাথ, নোমল নাথ, তিলক চন্দ্ৰ নাথ, ভদ্ৰকান্ত নাথ, চন্দ্ৰা নাথ, ব্ৰজধান নাথ, নন্দ ৰাম নাথ, মোহন নাথ, মিহিৰাম নাথ, সুকুমাৰ নাথ, থুলেশ্বৰ নাথ, বৃন্দাবন নাথ, পিঙ্কু বৰুৱা, ভাষণ নাথ, মহেশ্বৰ নাথ, ৰাজেন নাথ আদি উপস্থিত থাকে। উল্লেখযোগ্য যে-কনকলতা বিশ্ববিদ্যালয়ৰ বাবে সত্ৰৰ মাটি ভোগ দখল কৰি থকা স্থানীয় ৩৬গৰাকী ৰায়তীয়ে এতিয়ালৈকে ২১০ বিঘা মাটি স্ব-ইচ্ছাই এৰি দিয়া বুলি শপতনামাত স্বাক্ষৰ কৰাৰ পিছত ইতিবাচক দিশলৈ গতি কৰি থকা এই বিষয়টোৰ সন্মুখত এক প্ৰত্যাহ্বান ৰূপে থিয় দিছে সংবাদমেলখনত উথাপন হোৱা বিষয়বস্তুয়ে।

Also Read: বিভিএফচিএলত ভূমিকম্পৰ প্ৰস্তুতি, ডি-ব্ৰিফিঙৰ ওপৰত বিশেষ অনুশীলন

কনকলতা বিশ্ববিদ্যালয়