নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী শ্ৰীমন্ত ভূঞাৰ দেহাৱসান...

নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী শ্ৰীমন্ত ভূঞাৰ দেহাৱসান...
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও: নগাঁও জিলাৰ মাজ পাথৰিৰ সক্ৰিয় ৰাজহুৱা কৰ্মী, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰীমন্ত ভূঞা (৭৭)ৰ আজি পুৱা মৃত্যু হয়। প্ৰয়াত ভূঞা যোৱা দুদিন ধৰি উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

৩০ ছেপ্টেম্বৰৰ পুৱা প্ৰতিবেশী এঘৰত ভাগৱত পাঠ কৰি থকাৰ অৱস্থাতেই ঢলি পৰিছিল ভূঞা। ততাতৈয়াকে তেওঁক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল যদিও প্ৰায় ৪৫ ঘণ্টা আই চি ইউত চিকিৎসাধীন হৈ থকাৰ পিছত আজি কাহিলী পুৱাতেই শেষ নিশ্বাস ত্যাগ কৰে সৰবৰহী ব্যক্তি গৰাকীয়ে।

২০০৭ চনত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰা ভূঞাই ২০১২ চনলৈকে ভোটাই পাথৰি গাঁও পঞ্চায়তৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। অঞ্চলটোত এগৰাকী পাঠক হিচাপে সুকীয়া পৰিচয় লাভ কৰা ভূঞাই পাথৰিৰ বাৰেগঞা ভাওনা সমাজ,স্থানীয় নামঘৰ আৰু পূৰ্বৰ নাওখেল সমিতিৰ সৈতেও নিবিড়ভাৱে জড়িত আছিল।

মৃত্যুৰ সময়ত বৰ্ষীয়ান সমাজকৰ্মী গৰাকীয়ে পত্নী সবিতা ভূঞাৰ উপৰিও অভিনেতা পুত্ৰ ৰূপজ্যোতি ভূঞা আৰু বিবাহিত জীয়ৰী ৰশ্মিৰেখা ভূঞাসহ আত্মীয়-স্বজনক এৰি যায়।

তেওঁৰ মৃত্যুত নগাঁও ইলেক্ট্ৰ'নিক মিডিয়া এছ'চিয়েচন,অসম বাৰ্তাজীৱী সংঘৰ নগাঁও জিলা সমিতি,অবিনশ্বৰ নাট্য গোষ্ঠী,সামাজিক অনুষ্ঠান 'সৃষ্টি', নাট্যানুষ্ঠান 'কাঁচিয়লি', নগাঁও চহৰৰ আমোলাপট্টিৰ শংকৰ মন্দিৰ পথৰ ব্যৱসায়ী সমাজ আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে ।

নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী শ্ৰীমন্ত ভূঞাৰ দেহাৱসান...
১৮-২০অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হব আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in