নগাঁৱত সূজান বৈষ্ণৱ কৃষ্ণৰাম বৰা স্মাৰক ৰাষ্ট্ৰীয় বক্তৃতা অনুষ্ঠান...

নগাঁৱত সূজান বৈষ্ণৱ কৃষ্ণৰাম বৰা স্মাৰক ৰাষ্ট্ৰীয় বক্তৃতা অনুষ্ঠান...

ডিজিটেল সংবাদ, নগাঁও : 'শংকৰদেৱৰ প্ৰতিখন ৰচনাই একোটি একোটি সংগীত পাঠ। হয়তো বৰগীতৰ ক্ষেত্ৰত ৰাগ এটা আৰু তাল বিন্যাস এটা প্ৰতিষ্ঠা কৰি থৈ গৈছে।যিটো ভাগৱতৰ ক্ষেত্ৰত প্ৰতিষ্ঠা কৰি থৈ যোৱা নাই।'-এই মন্তব্য বৈষ্ণৱ সাহিত্য সংস্কৃতিৰ গৱেষক পণ্ডিত অধ্যাপক ডঃ প্ৰদীপ জ্যোতি মহন্তৰ। দেওবাৰে নগাঁও জিলা পুথি ভঁড়াল প্ৰেক্ষাগৃহত কৃষ্ণ-ৰত্না ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত সূজান বৈষ্ণৱ কৃষ্ণৰাম বৰা স্মাৰক ৰাষ্ট্ৰীয় বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰি 'শ্ৰীমন্ত শংকৰদেৱৰ সংগীত কল্পনাঃ বৈভৱ আৰু বিস্তৃতি' শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে অধ্যাপক ডঃ মহন্তই।

বক্তৃতাত তেওঁ কয় যে- 'পশ্চিমীয়া সাহিত্য তত্বক আমি যিমান লক্ষ্য ৰাখো,তাৰ সমান্তৰাল ভাবে ভাৰতীয় সাহিত্যৰ নন্দন তত্বক লক্ষ্য নাৰাখো।' বিশিষ্ট গৱেষক জনে সুৰৰ মাজেদিয়ে নামঘোষা আমাৰ চিন্তাত আমাৰ হৃদয়ত প্ৰৱাহিত হৈ আছে বুলি মন্তব্য কৰি মহন্তই লগতে কয় যে, শংকৰদেৱে সমূহীয়া সংগীতৰ ৰূপত কীৰ্তনক প্ৰতিষ্ঠা কৰিছে। সমগ্র ভাৰতবৰ্ষৰ ভিতৰত সমূহীয়া সংগীতৰ আদৰ্শ অনন্য। ইয়াত সকলোৱে অংশগ্ৰহণ কৰিব পৰা সম্ভাৱনা আছে। ইয়াত তালৰ বিন্যাসৰ যিটো ৰূপ শংকৰদেৱে নিৰ্মাণ কৰি থৈ গৈছে সেইটো অনন্য।'

গুৰুজনাৰ বৰগীতৰ ওপৰত বাখ্যা দাঙি ধৰি তেওঁ কয় যে, 'বৰগীত নিজেই এক স্বতন্ত্ৰ বিভাগ। সেই বিভাগে আমাৰ মনলৈ হাজাৰটা প্ৰশ্ন আনে। বৰগীতৰ বহল প্ৰসাৰৰ বাবে আহ্বান জনাই তেওঁ কয় যে, ই কেৱল ভাষনত থাকিব নালাগে।' ডঃ মহন্তই কলাকাৰ শংকৰদেৱৰ সৰ্বোত্তম কীৰ্তি অংকীয়া ভাওনা বুলি ভাষণ প্ৰসংগত মন্তব্য কৰি কয় যে, 'অংকীয়া ভাওনাৰ মহিমাটোকে আমি অসমীয়া সমাজে উপলব্ধি কৰিব পৰা নাই।অংকীয়া নাটক যথাৰ্থ ৰূপত ভাৰতীয় সাংস্কৃতিক মানসলৈ কঢ়িয়াই নিবলৈ সক্ষম হোৱা নাই। অংকীয়া নাটকৰ গদ্য ধৰ্মীতাৰ মাজত আছে কাব্যময় সুৰীয়া প্ৰৱাহ। অংকীয়া নাটৰ মাজেদি বিভিন্ন চৰিত্ৰই ক্ৰমাগতভাবে কাহিনীৰ বিন্যাস ঘটাইছে।

আনহাতেদি ই এক সংগীতৰ প্ৰবাহ। তাৰ সুৰুঙাই সুৰুঙাই সৰ্বত্ৰে আছে নৃত্যৰ প্ৰবাহ অংকীয়া নাটত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সংগীত, নৃত্য আৰু নাটকক সুচাৰুৰূপে গ্ৰন্থিত কৰি থৈ গৈছে।' অধ্যাপক ডঃ প্ৰদীপ জ্যোতি মহন্তই কৃষ্ণ-ৰত্না ফাউণ্ডেশ্যনৰ সংস্কৃত প্ৰয়াসক সাধুবাদ জনাইছো বুলি মন্তব্য কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতি সম্পন্ন সংগীত পৰিচালক, শিল্পী তৰালী শৰ্মাই অনুষ্ঠানৰ আৰম্ভণিতে মাধৱদেৱ বিৰচিত এটি বৰগীত পৰিৱেশন কৰে। অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে কৃষ্ণ-ৰত্না ফাউণ্ডেশ্যনৰ সভাপতি গুণ শইকীয়াই। অনুষ্ঠানৰ আৰম্ভণিতে কৃষ্ণৰাম বৰাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সূজান বৈষ্ণৱ কৃষ্ণৰাম বৰাৰ পত্নী ৰত্না বৰাই।

উল্লেখযোগ্য যে আলিবাট প্ৰকাশনৰ স্বতাধিকাৰ প্ৰাঞ্জল কুমাৰ মহন্তই আঁত ধৰা অনুষ্ঠানটোত ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন নৃত্য শিল্পী ডঃ মল্লিকা কন্দলীৰ নৃত্য প্ৰদৰ্শন আৰু বিছমিল্লা খাঁ ৰাষ্ট্ৰীয় যুৱ বঁটা প্ৰাপ্ত শিল্পী মনোজ কুমাৰ দাসৰ খোলবাদন আছিল অনুষ্ঠানৰ অন্যতম আকৰ্ষণ। বক্তৃতা অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ বাবে কৃষ্ণৰাম বৰাৰ পুত্ৰ অমিতাভ বৰাই ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানটোত শংকৰী সাহিত্যৰ গৱেষক পণ্ডিত তিলক চন্দ্ৰ মজুমদাৰ, ডঃ সঞ্জীৱ বৰকাকতী, নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, সমাজকৰ্মী অভিজিৎ নাথ আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল।

নগাঁৱত সূজান বৈষ্ণৱ কৃষ্ণৰাম বৰা স্মাৰক ৰাষ্ট্ৰীয় বক্তৃতা অনুষ্ঠান...
কি বাৰ্তাই বিশেষ কৰিলে "মন কি বাত" ?

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in