/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4943efa6-b34e-4758-b565-806bf305fb16/Rupok.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰৰ নতুন বজাৰৰ বাসিন্দা বিশিষ্ট সমাজকৰ্মী, চিত্ৰশিল্পী, বাতৰি পৰিবেশক মুকুট ভূঞা গুৰুতৰ ভাবে অসুস্থ। লোকসেৱক হলধৰ ভূঞাৰ পুত্ৰ মুকুট ভূঞা যোৱা ২৮ জুলাইৰ পৰা নগাঁৱৰ ডিউ কেয়াৰ নামৰ চিকিৎসালয়খনৰ আই চি ইউত চিকিৎসাধীন হৈ থকাৰ কথা জানিব পাৰি সোমবাৰে পুৱাৰ ভাগত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই চিকিৎসালয়ত উপস্থিত হৈ ভূঞাৰ স্বাস্থ্যৰ বুজ লয়।
বিধায়ক ৰূপক শৰ্মাই ভূঞাৰ আত্মীয়ৰ লগতো মতবিনিময় কৰি সমাজকৰ্মীগৰাকীৰ স্বাস্থ্যৰ ক্ষেত্ৰতসকলো প্ৰকাৰৰ সা-সুবিধা প্ৰদান কৰাৰ আশ্বাস দিয়ে। তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসালয়খনৰ এটি বিশেষজ্ঞ চিকিৎসকৰ দলে চিকিৎসা চলাই থকাৰ কথা প্ৰকাশ কৰিছে হাস্পতাল কৰ্তৃপক্ষই। ৮৪ বছৰীয়া মুকুট ভূঞাই অতি শীঘ্ৰে আৰোগ্য লাভ কৰিব বুলি চিকিৎসালয়খনৰ চিকিৎসকে আশা প্ৰকাশ কৰে।
Also Read: বাসুগাঁৱত ভাৰত নাট্যম নৃত্যৰ কৰ্মশালাৰ সমৰণি