/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/7c12fb3c-ff6a-496f-b2ca-0cb29e7798e5/Natyam.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ বাসুগাঁৱৰ তাল ডাঞ্চ একাডেমীৰ উদ্যোগত চলি থকা ভাৰত নাট্যম নৃত্যৰ পাঁচ দিনীয়া কৰ্মশালাৰ সোমবাৰে সামৰণি পৰে। বাসুগাঁও পৌৰসভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে আমন্ত্ৰিত অতিথি পৌৰপতি সাধন চন্দ্ৰ মণ্ডল, নৃত্য গুৰু অভিষেক দাস, বিশিষ্ট সংগীত শিল্পী মৃদুল কুমাৰ দাস, প্ৰদ্যুত গোস্বামী, শঙ্কৰ মজুমদাৰ আৰু সাংবাদিক জয়ন্ত দেবনাথে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ed19c512-16a6-41db-a574-70f7849cfae0/1cacfd34_7854_4ef2_96fb_25ff966c362b.jpg)
উল্লেখ্য যে চিৰাং জিলাৰ বাসুগাঁও চহৰৰ বিশিষ্ট নৃত্য শিল্পী তথা তাল ডাঞ্চ একাডেমীৰ পৰিচালিকা নৱনীতা দেৰ একক প্ৰচেষ্টাত যোৱা ২৭ জুলাইৰ পৰা ৩০ জুলাই লৈকে সাগ্নিক সাহিত্য সাংস্কৃতিক সংস্থাৰ কাৰ্যালয়ত এই ভাৰত নাট্যম নৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰিছিল । অৰ্দ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে যোগদান কৰা উক্ত নৃত্য কৰ্মশালাত প্ৰশিক্ষণ আগবঢ়াই বঙাইগাঁওস্থিত নটৰাজ নৃত্য আৰু গৱেষণা কেন্দ্ৰৰ কৰ্ণধাৰ তথা নৃত্যমণি উপাধিৰে বিভূষিত অভিষেক দাসে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/dcf66d57-7fa3-4080-a71c-3d5031984628/2f75b378_7f8b_4686_9067_ea38ad16cecf.jpg)
কণ কণ নৃত্যশিল্পীসকলে গণেশ বন্দনাৰ নৃত্যৰে কৰ্মশালাৰ সামৰণি শুভাৰম্ভ কৰে । তাৰ পিছত প্ৰশিক্ষক নৃত্যমণি অভিষেক দাসে হনুমান চাল্লিশাৰ ওপৰত এক দৃষ্টি নন্দন নৃত্য পৰিবেশন কৰে। প্ৰশিক্ষাৰ্থীসকলেও একক আৰু দলগত ভাবে ভাৰত নাট্যমৰ নৃত্য পৰিবেশন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/855fa30c-fec1-4e7b-8ce7-fe5066fa3ebe/078338c4_ae30_4d5e_8a5a_a9a2e3648f9e.jpg)
সামৰণি অনুষ্ঠানত উপস্থিত অতিথিসকলে ভাষণত এনেধৰণৰ শাস্ত্ৰীয় নৃত্য ভাৰত নাট্যম দৰে নৃত্য শৈলীৰ এখন সফল কৰ্মশালাৰ আয়োজন কৰাৰ বাবে তাল ডাঞ্চ একাডেমী আৰু পৰিচালিকা নৱনীতা দেৰ শলাগ লয় আৰু আগলৈ এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানৰ অন্তত প্ৰশিক্ষাৰ্থীসকলৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰা হয় ।
Also Read: বজৰং দলৰ বিৰুদ্ধে সৰৱ নাগৰিকত্ব আইন সংশোধন বিৰোধী সমন্বয় সমিতি