বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱস

বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱস

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱা অঞ্চলৰ অগ্ৰনী শিক্ষানুষ্ঠান বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনৰ বৃহস্পতিবাৰে প্ৰতিষ্ঠা দিৱসটি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। পুৱা নিকেতনৰ পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি তৰুণ পাঠকে। পাছত নিকেতনৰ প্ৰধান আচাৰ্য সোনামনি কলিতাই নাৰিকল ভাঙি এখনি সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে।

পদব্ৰজে যাত্ৰা কৰা সাংস্কৃতিক শোভাযাত্ৰাত নিকেতনৰ শিক্ষাৰ্থী সকলে শ্ৰীকৃষ্ণ, ৰাম লক্ষণ, হনুমান, বিহু নৃত্য, আহোম ৰমনী, জনজাতীয, কৃষক, চিকিৎসক আদি বিভিন্ন সাংস্কৃতিক সাজ পাৰ পিন্ধি বাৰেৰহণীয়া কৰি তোলে। পাছত এখনি সভা অনুষ্ঠিত হয়। সভাতে নিকেতনৰ আভিভাবিকা সকলৰ মাজত ঘোষা প্ৰতিযোগিতা অনুষ্ঠিত হয়। ঘোষা প্ৰতিযোগিতা অংশ গ্ৰহণ কৰা আভিভাবিকা সকলক গামোচা আৰু নামঘোষা পুঠিৰে সম্বৰ্ধনা জনোৱা হয়।

বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱস
সৰস্বতী পূজাৰ দিনা সন্ধানহীন দুই ছাত্ৰীক উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in