সৰস্বতী পূজাৰ দিনা সন্ধানহীন দুই ছাত্ৰীক উদ্ধাৰ

সৰস্বতী পূজাৰ দিনা সন্ধানহীন দুই ছাত্ৰীক উদ্ধাৰ

ডিজিটেল ডেস্কঃ অৱশেষত উদ্ধাৰ হল মহানগৰীৰ পৰা সন্ধানহীন হোৱা দুই কিশোৰী। টিহুৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী দুগৰাকীক। ছাত্ৰী দুগৰাকীৰ নাম মধুস্মিতা বৈশ্য আৰু বন্দিতা ভূমিক ।

জানিব পৰা মতে মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰিছিল দুই ছাত্ৰী। ইয়াৰ অন্তৰালত এক বৃহৎ মানৱ সৰবৰাহকাৰী গেং জড়িত আছে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, সৰস্বতী পূজাৰ উলাহৰ মাজতেই মহানগৰীত সন্ধানহীন হৈছিল দুগৰাকী ছাত্ৰী । নুনমাটি পঞ্চদ্বীপ জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী দুগৰাকী আবেলি পৰা সন্ধানহীন হৈ আছিল ।

পুৱা ওলাই গৈছিল বিদ্যালয়ত অনুষ্ঠিত সৰস্বতী পূজালৈ। বিদ্যালয়ৰ পৰা উভতি আহি পুনৰ ঘৰৰ পৰা ওলাই গৈছিল দুই ছাত্ৰী । তেতিয়াৰে পৰা সন্ধান নাছিল ছাত্ৰী দুগৰাকীৰ।

সৰস্বতী পূজাৰ দিনা সন্ধানহীন দুই ছাত্ৰীক উদ্ধাৰ
মহানগৰীত সন্ধানহীন দুই ছাত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in