/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/4ced3112-2ef3-45a2-bb04-5afe3342cff4/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষাখণ্ডৰ অন্তৰ্গত বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৃত্তিমুখী শিক্ষাৰ বিষয় শিক্ষক ৰাজেন চন্দ্ৰ বৰাৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানটি বুধবাৰে অনুষ্ঠিত কৰা হয়। বিদ্যালয়ৰ অধ্যক্ষ অনিল শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে গৰ্গেন্দ্ৰ কুমাৰ ৰাজাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/e03ba52a-0913-4cb5-b4c6-d8a83100e17c/6240c88a_0384_43be_b4e5_73f5ab83e9c5.jpg)
ৰাজীব কলিতাই আঁত ধৰা অনুষ্ঠানটোত দীপাংক গিৰি গোস্বামী আৰু হীৰামনি বৰুৱাৰ পৰিচালনাত ষষ্ঠ আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বৰগীত আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে দিহানাম পৰিবেশন কৰে। পৰিবেশিত বৰগীতৰ অনুষ্ঠানটিত হিন্দু-মুছলমানসকলো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাটো এক উল্লেখযোগ্য দিশ। দীপাংক গিৰি গোস্বামী, পুষ্পেন্দ্ৰ কলিতা, সুৰজিৎ দেৱ নাথ, অবিনাশ দাসকে আদি কৰি কেইবাগৰাকী শিক্ষকে ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত বিদায়ী শিক্ষক ৰাজেন চন্দ্ৰ বৰাক গামোছা, শৰাই, কীৰ্ত্তন পুথি আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/2cc96c62-7e5b-4061-9b25-68ef35c34826/7ca9d3e8_af30_4d43_96ce_0b8cfde5a0a3.jpg)
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক উপেন কলিতা, তৰুণ চন্দ্ৰ বৰা, বদন কলিতা, দৰ্পহৰি দেৱ গোস্বামী, সুমিত্ৰা খাটনিয়াৰ, মৃণালিনী বৰুৱাকে আদি কৰি কেইবাগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে।
Also Read: ভদীয়া বানৰ কবলত নুমলীগড়ৰ মহুৰা মৌজা