ভদীয়া বানৰ কবলত নুমলীগড়ৰ মহুৰা মৌজা

ভদীয়া বানৰ কবলত নুমলীগড়ৰ মহুৰা মৌজা

ডিজিটেল সংবাদ, নুমলীগড়ঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নুমলীগড়ৰ কাষৰীয়া মহুৰা-বংকুৱালৰ "কলিয়াপানী"ত ভদীয়া বানৰ তাণ্ডৱ ৷ বিগত দুদিনৰ পৰা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰৰে বৈ থকাৰ ফলত ফেনে ফুটুকাৰে ওফন্দি পৰিছে মহুৰা মৌজাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ উপনৈ গেলাবিল, ধনশিৰি আৰু দিচৈ নৈ ৷

যাৰ ফলত কেইবাখনো গাঁও বানৰ কবলত পৰিছে ৷ অঞ্চলটোৰ কেইবাটাও পথ বাঢ়নী পানীয়ে ছিঙি নিয়াৰ ফলত যোগাযোগৰ ক্ষেত্ৰতো ব্যাঘাৰ সৃষ্টি হৈছে। অঞ্চলটোত পশুখাদ্যৰ পৰা আৰম্ভ কৰি বিশুদ্ধ খোৱাপানীৰ অভাৱত পৰিছে স্থানীয় ৰাইজ ৷ নিকৰি অঞ্চলৰ পৰা ৰি ৰি, বংকোৱাল, দিচৈ, পাঠৰি, বৰটিকা, অফলা আদি বৃহত্তৰ অঞ্চল পানীৰ তলত ৷ বানপীড়িত ৰাইজে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে কাতৰ অনুৰোধ জনাইছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in