নগাঁৱত ৭৮৭ গৰাকী বিহুৱা-বিহুৱতীক সম্বৰ্ধনা নগাঁও জিলা সাহিত্য সভাৰ...

নগাঁও জিলাৰ ৭৮৭ গৰাকী বিহুৱা-বিহুৱতীক আৰু ২৪ গৰাকী বিহুনাচ প্ৰশিক্ষকক সম্বৰ্ধনা জনোৱা হয়

author-image
Asomiya Pratidin
New Update
নগাঁৱত ৭৮৭ গৰাকী বিহুৱা-বিহুৱতীক সম্বৰ্ধনা নগাঁও জিলা সাহিত্য সভাৰ...

ডিজিটেল সংবাদ, নগাঁও : অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত ১৩ এপ্ৰিলত গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত বিশ্ব ৰেকৰ্ডৰ লক্ষৰে গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে বিহু নৃত্য প্ৰদৰ্শন কৰা নগাঁৱৰ বিহুৱা-বিহুৱতী আৰু প্ৰশিক্ষক সকলক সম্বৰ্ধনা জনাবলৈ নগাঁও জিলা সাহিত্য সভাই শণিবাৰে বিশ্বৰ বুকুত বাপতি সাহোন বিহু শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰে।

Advertisment

নগাঁও জিলা পুঁথিভৰাল সভাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত নগাঁও জিলাৰ ৭৮৭ গৰাকী বিহুৱা-বিহুৱতীক আৰু ২৪ গৰাকী বিহুনাচ প্ৰশিক্ষকক সম্বৰ্ধনা জনোৱা হয়। জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই মূখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে। শৰ্মাই ভাষণত কয় যে- "আমাৰ ৰঙালী বিহুৱে বিশ্ব অভিলেখ গঢ়াৰ লগে লগে নতুন প্ৰজন্মৰ মাজলৈ বহু দ্বায়িত্ব আহি পৰিছে। বিহুৰ মাজেদি নতুন প্ৰজন্মই জাতীয় কৃষ্টি উৎকৰ্ষ সাধনৰ কামত ব্ৰতী হ'ব লাগিব। বিহুয়ে এতিয়া অসমৰ বাহিৰতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।"

তদুপৰি ৰঙালী বিহুৱে বিশ্ব অভিলেখ গঢ়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই লোৱা পদক্ষেপক বিধায়ক ৰূপক শৰ্মাই উচ্চ প্ৰশংসা কৰে। অনুষ্ঠানত নিদিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰি বিহু কৃষ্টি সাধক পদুম প্ৰসাদ শইকীয়াই কয় যে, "বিহুৱে বিশ্ব অভিলেখ গঢ়াৰ লগে লগে বিহু শিল্পী সকলৰ দ্বায়িত্ব অধিক বৃদ্ধি পালে।

শইকীয়াই সাতামপুৰুষীয়া বিহুৰ তাৎপৰ্য, দৰ্শন, আচাৰ-আচৰণ, ৰীতি-নীতি আদিৰ সন্দৰ্ভত এক বিস্তৃত ব্যাখ্যা দাঙি ধৰে। তেওঁ লগতে কয় যে, বিহু উদযাপন সমিতি সমূহে বিহু নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়াৰ লগতে বিহুক সঠিক ৰূপত উপস্থাপন কৰাৰ বাবে মনোনিবেশ কৰা উচিত। তেওঁ লগতে নতুন প্ৰজন্মৰ সন্মুখত বিহুৰ পদ্ধতিগত আৰু শুদ্ধতাখিনি পৰিৱেশন কৰিবৰ বাবে নিৰবছিন্ন প্ৰচেষ্টা অব্যাহত ৰখিবলৈ সকলোকে আহ্বান জনায়।

অনুষ্ঠানত বেহাৰবাৰী আউট প'ষ্টৰ মোহন খ্যাত দীপজ্যোতি কেওটে নিজৰ স্বভাৱ সুলভ অনুষ্ঠান পৰিৱেশন কৰি সকলোকে আপ্লুত কৰি তোলে। বিহুনাচ প্ৰশিক্ষকৰ হৈ জাগৃতি কলিতা আৰু চয়নিকা কাশ্যপে ভাষণ প্ৰদান কৰি সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত বিহু নৃত্য প্ৰদৰ্শন অনুষ্ঠানৰ অভিজ্ঞতাৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। অনুষ্ঠানত জিলাখনৰ নগাঁও সদৰ, কলিয়াবৰ, চামগুৰি, ৰূপহীহাট, বঢ়মপুৰ, বটদ্ৰৱা, ৰহা, লামডিং, হোজাই, যমুনামূখ আদিৰ ৭৮৭ গৰাকী বিহুৱা-বিহুৱতী আৰু ২৪ গৰকী প্ৰশিক্ষকক বিহুৱান আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই আঁত ধৰা আৰু মৃগাংক বৰা আৰু ৰাজীৱ হাজৰিকাই সহযোগিতা কৰা অনুষ্ঠানত জিলা সাহিত্য সভাৰ উপ-সভাপতি উপেন বৰা, প্ৰাক্তন সভাপতি ক্ৰমে পৰান কুমাৰ বৰুৱা, ৰতিমোহন নাথ, নিত্যানন্দ বৰাৰ লগতে সাহিত্য সভাৰ আন বিষয়ববীয়া ক্ৰমে আবুল খায়েৰ আহমেদ, কুমুদ চন্দ্ৰ বৰা, অধৰ ঠাকুৰীয়া, হৰ গোবিন্দ শইকীয়া, ৰাজু শইকীয়া, নিলোৎপল চাংমাই, বসন্ত দুৱৰা, কল্যাণ কুমাৰ বৰা, মিণ্টু দাস, জ্যোতিকা মনি শইকীয়া আৰু দিপিকা নাথ আদিয়ে অংশ গ্ৰহণ কৰে।

ৰঙালী বিহুক বিশ্ব অভিলেখ গঢ়িবলৈ মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই গ্ৰহন কৰা পদক্ষেপৰ বাবে অনুষ্ঠানত অংশ গ্ৰহণ কৰা সকলোৱে হাত চাপৰি বজাই মুখ্যমন্ত্ৰীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে।

Also Read: 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱালৈ "দামোদৰদেৱ বঁটা ২০২৩"...

asom sahitya sabha