
ডিজিটেল সংবাদ, নগাঁও : নগাঁৱৰ উৰিয়াগাঁৱৰ ৰ’য়েল আৱাসত উত্তেজনা ৷ বিদ্যুৎ চুৰিৰ ঘটনাক লৈ আৱাসৰ আৱাসিক আৰু গৃহ নিৰ্মাণ প্ৰতিস্থানটিৰ কৰ্মচাৰীৰ মাজত সংঘাত ৷ আৱাসিক এলেকাৰ পৰা বিদ্যুৎ চুৰ কৰি বাণিজ্যিক এলেকাৰ কাম কৰাক লৈ সৃষ্টি হৈছে সংঘাতৰ ৷ ৰ’য়েল আৱাস নিৰ্মাণ প্ৰতিষ্ঠানৰ ঠিকাদাৰে বিদ্যুৎ চোৰ কৰাৰ সন্দৰ্ভত আৱাসিক এলেকাৰ লোকে বিদ্যুৎ বিভাগক অভিযোগ দাখিল কৰিছে ৷
অভিযোগ মতে ঠিকাদাৰ জনৈক নিৰ্মলৰ নেতৃত্বতে ৰ’য়েল আৱাসত একাংশ ঠিকাদাৰৰ কৰ্মচাৰীয়ে গুন্দাৰাজ চলাই আহিছে ৷ এই ক্ষেত্ৰত অভিযোগ দাখিল কৰিলে প্ৰশাসনে ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰাটো পুৰণি অভিযোগ। শেহতীয়াকৈ ৰ’য়েল আৱাস নিৰ্মাণৰ ঠিকাদাৰ প্ৰতিস্থানৰ বিৰুদ্ধে উঠিছে পৰিৱেশ প্ৰদূষণ কৰাৰ দৰে ভয়ংকৰ অভিযোগ ৷ আৱাসিক এলেকাৰ প্ৰদূষিত পানী নিষ্কাষণ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নকৰাৰ অভিযোগ উঠিছে ৷ সমগ্ৰ আৱাসৰ বৰ্জিত পানী কলঙ সুঁতিলৈ পেলাই জৈৱ্য বৈচিত্ৰলৈ ভাবুকি কঢ়িয়াই আনিছে ৷
ৰ’য়েল আৱাসত গ্ৰাহকক ফ্লেট বিক্ৰিৰ সময়ত ঠিকাদাৰে সকলো সুবিধা থকা বুলি প্ৰবঞ্চনা কৰি ফ্লেট বিক্ৰী কৰিছিল ৷ বৰ্তমান আৱাসৰ বাসিন্দা হৈ সমস্যাত পৰে আৱাসিক সকল ৷ কাৰণ আৱাসৰ বৰ্জিত সকলো পানী কলঙত পেলোৱাৰ ব্যৱস্থা কৰি ঠিকাদাৰে আৱাসিক সকলক প্ৰৱঞ্চনা কৰে ৷ এই ক্ষেত্ৰত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক অভিযোগ দিয়াৰ পিছত বৰদলৈ উপাধিৰ এগৰাকী বিষয়াই ব্যৱস্থা ল'ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও ৰদস্যজনক ভাবে ঠিকাদাৰৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৷ বৰদলৈ নামৰ বিষয়াগৰাকীয়ে ৰ’য়েল আৱাসৰ ঠিকাদাৰ প্ৰতিস্থানৰ এই কু-কৰ্মৰ পক্ষ লৈ বৰ্তমান নগাঁৱৰ পৰা বদলি হৈ যোৱা বুলি জানিব পৰা গৈছে ৷