ঠিকাদাৰ প্ৰেম নাহাতাক লেকাম ধৰিব কোনে? ঠিকাদাৰৰ কু অভিসন্ধিৰ বাবে নগাঁৱৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী অসুস্হ...

ঠিকাদাৰ প্ৰেম নাহাতাক লেকাম ধৰিব কোনে? ঠিকাদাৰৰ কু অভিসন্ধিৰ বাবে নগাঁৱৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী অসুস্হ...

ডিজিটেল সংবাদ নগাঁও: কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগত হেতালি ঠিকাদাৰৰ ৷ জন স্বাস্হ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই নিজৰ মুনাফা লাভৰ স্বাৰ্থত ঠিকাদাৰ ৷ ঠিকাদাৰৰ মইমতালিৰ বাবে নগাঁৱৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী এতিয়া অসুস্হ ৷ অভিভাৱক চিকিৎসকৰ ওচৰলৈ গৈ তৰনি পোৱা নাই ৷

নগাঁও চহৰৰ ধিঙ গেইটৰ পৰা বৰদোৱা হৈ ধিঙ চহৰলৈকে পথ উন্নিতকৰন আৰু পুনৰ নিৰ্মাণৰ বাবে ঠিকা লাভ কৰিছিল জনৈক প্ৰেম নাহাতা নামৰ ঠিকাদাৰ জনে ৷ প্ৰায় ১৯৪ কোট টকাৰ পথটো নিৰ্মাণৰ নামত ঠিকাদাৰে মইমতালি কৰি অহাত সৰ্বসাধাৰণ লোকে হাহাকাৰ দেখিছে ৷

অভিযোগ মতে এই পথটো নিৰ্মাণৰ বাবে ঠিকাদাৰ প্ৰেম নাহাতাই কামত ফাঁকি দি আহিছে ৷ যাৰ কু-ফল ভূগিছে কেইবা হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ উল্লেখ্য যে, ধিঙ গেইটৰ পৰা কাছমাৰী এলেকালৈকে আছে একাধিক বিদ্যালয় ৷ লগতে আছে নাৰ্চিংহোম আদি ৷

পথ নিৰ্মাণৰ বাবে চৰকাৰে সাধাৰণ লোকৰ অসুবিধা নহ'বলৈ ধূলিৰ পৰা ৰক্ষা পাবলৈ ১৯৪ কোটি টকাৰ কামত পানী দিবলৈ এক বৃহৎ পৰিমাণৰ ধন ধাৰ্য কৰিছে ৷ কিন্ত ঠিকাদাৰ প্ৰেম নাহাতাই নিজৰ লাভৰ বাবে নিৰ্মানস্থলীত দুই এগাড়ী পানী দি দায়িত্ব সামৰিছে ৷

ঠিকাদাৰে নিৰ্মানস্হলীত পানী নিদিয়াৰ বাবে ধিঙ গেইটত ধূলিৰ পৰিমান ইমানে বেছি হৈছে যে, পথটোৰে চলাচল কৰা গাড়ীয়ে হেড লাইট জ্বলাই চলাচল কৰিব লগা পৰিবেশ হৈছে ৷ ইফালে উক্ত এলেকাটোত খ্ৰীষ্ট জ্যোতি বিদ্যালয় ছেবা , খ্ৰীষ্ট জ্যোতি বিদ্যালয় চি বি এছ ই, মৰ্ডান জাতীয় বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয় আছে ৷

এই বিদ্যালয় কেইখনত চাৰি হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰী আছে ৷ পথ নিৰ্মাণৰ কামত ধূলি উপশম বাবে পানী ব্যৱহাৰ সঠিক ভাবে নকৰাত এই বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী জ্বৰ , চৰ্দি আদি ৰোগত আক্ৰান্ত হ'ব লগা হৈছে ৷ প্ৰায় এমাহ, ডেৰ মাহ ধৰি এইসকল ছাত্ৰ-ছাত্ৰী অসুস্হ হৈ আছে ৷

পথ নিৰ্মাণত ব্যৱহাৰ হোৱা শিলৰ গুৰাৰ ধূলিয়ে ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ লোকৰ চকু আৰু হাঁওফাঁও ৰোগৰো সৃষ্টি কৰিছে ৷ বৰ্তমান ঠিকাদাৰে পথ চোৱাত কাৰ্পেটিঙৰ কাম হাতত লৈছে ৷

ধূলিৰ বাবে পথত পানী দিলে লেবাৰৰ কাম বেছি হৈ পৰে ৷ লেবাৰৰ কাম বৃদ্ধি পালে ঠিকাদাৰৰ খৰচ বেছি হয় আৰু সময়ো বেছি লাগে ৷ সেয়ে অধিক লাভৰ বাবে ঠিকাদাৰে পানী নিদি তাৰ পৰা বৃহৎ লাভাংশ লোৱা আৰু লেবাৰৰ কাম কমাই তাৰ পৰা বৃহৎ লাভাংশ আহৰণৰ পৰিকল্পনা কৰাৰ অভিযোগ উঠিছে ৷

ঠিকাদাৰৰ এই কু-অভিসন্ধিৰ ফলত কণ কণ হাজাৰ-হাজাৰ ছাত্ৰ-ছাত্ৰীৰ সু-স্বাস্হ্যৰ প্ৰতি প্ৰবল ভাবুকি আহিছে ৷ এই ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগৰ নগাঁও সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা হিতেন কলিতা ৰহস্য জনক ভাবে মৌন ৷

ঠিকাদাৰ প্ৰেম নাহাতাক লেকাম ধৰিব কোনে? ঠিকাদাৰৰ কু অভিসন্ধিৰ বাবে নগাঁৱৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী অসুস্হ...
ঢকুৱাখনাত কেন্দ্ৰীয় ভাবে মে-ডাম-মে- ফী উদযাপনৰ প্ৰস্তুতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in