নগাঁৱৰ ধিং গেটৰ উৰণ সেতুত দুৰ্ঘটনা

নগাঁৱৰ ধিং গেটৰ উৰণ সেতুত দুৰ্ঘটনা

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ ধিং গেটৰ উৰণ সেতুত দুৰ্ঘটনা

ডিজিটেল সংবাদ, নগাঁও: নগাঁও চহৰৰ ধিং গেটৰ উৰণ সেতুৰ ওপৰত মঙলবাৰে দুপৰীয়া এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। স্কুটি - ছুইফট ডিজায়াৰ - বাইক - টাটা মেজিক বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

Advertisment

জানিব পৰামতে, দ্ৰুতগতিত অহা এখন ছুইফট ডিজায়াৰ বাহনে উৰণ সেতুখনৰ ওপৰত এখন টাটা মেজিক বাহনক খুন্দা মৰাৰ পিছত এখন স্কুটিক খুন্দা মাৰে। তাৰ পিছত এখন বাইকতো খুন্দা মাৰে। দুৰ্ঘটনাটোৰ বাবে ধিং গেটৰ ওচৰত কিছু সময়ৰ বাবে যান-যটৰ সৃষ্টি হয়।

দুৰ্ঘটনাটোত ২জন ছাত্ৰসহ ৩জন লোক আহত হয় বুলি জানিব পৰা গৈছে । আহত ৩জনৰ ভিতৰত চুইফট ডিজায়াৰ বাহনাখনৰ চালক জনো আছে। এ এছ ২১ ই ০৪৪৮ নম্বৰৰ বাহনখনে এই দুৰ্ঘটনা সংঘটিত কৰে। এই দুৰ্ঘটনাৰ ফলত এ এছ ০২এক্স ৫৯৮১ নম্বৰৰ স্কুটিখনৰ কিছু ক্ষতিসাধন হয়।

Also Read: মৃত্যু সুলভ! ক'ত হেৰাল জীৱনৰ মাদকতা...

road accident