ঊৰ্দ্ধমুখী হৈছে নগাঁৱৰ ফলাফল : আয়ুক্তই জনালে শুভেচ্ছা...

৮০.৫০ শতাংশ উত্তীৰ্ণৰ হাৰৰে একাদশ স্থানলৈ উন্নীত
ঊৰ্দ্ধমুখী হৈছে নগাঁৱৰ ফলাফল : আয়ুক্তই জনালে শুভেচ্ছা...

ডিজিটেল সংবাদ নগাঁও : বিগত বৰ্ষৰ তুলনাত এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাত উত্তীৰ্ণৰ হাৰ ঊৰ্দ্ধমুখী হৈছে। জিলাখনৰ ৮০.৫০ শতাংশ শিক্ষাৰ্থীয়ে এইবেলি সফলতা লাভ কৰে ৷

উল্লেখ্য যে বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৭৫.৮৮ শতাংশ ৷ বিগত বৰ্ষত জিলাখনৰ স্থান ত্ৰয়োদশত আছিল ৷ এইবেলি ৮০.৫০ শতাংশ উত্তীৰ্ণৰ হাৰৰে একাদশ স্থানলৈ উন্নীত হ'বলৈ সক্ষম হয় ৷

২,১৬,৮২ জন শিক্ষাৰ্থী এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৫,৯৭৩গৰাকী, দ্বিতীয় বিভাগত ৮,৫৭৩গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ২,৮৮৭গৰাকী ৷ সৰ্বমুঠ উত্তীৰ্ণৰ সংখ্যা ১৭,৪৩৩ ৷

বিগত সময়চোৱাত নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে জিলাখনৰ শৈক্ষিক পৰিবেশৰ উত্তৰনৰ বাবে বিশেষ তৎপৰতা অবলম্বন কৰিছিল ৷ আয়ুক্তই সময় সুবিধা বুজি বিদ্যালয়সমূহলৈ গৈ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক পৰিৱেশ পৰ্যেবক্ষন কৰি আহিছিল ৷ আনকি আয়ুক্তই নবম দশম শ্ৰেণীত পাঠদানপৰ্যন্ত কৰিছিল বুলি জানিবলৈ দিয়ে ৷

শৈক্ষিক ক্ষেত্ৰত গাফিলতি প্ৰত্যক্ষ কৰা বিদ্যালয়ৰ সন্দৰ্ভত পৰিদৰ্শকক জবাবদিহি কৰিছিল ৷ এই সকলো দিশ পৰ্যবেক্ষণ কৰাৰ ফচল আজিৰ এই ফলাফল বুলি সচেতন লোকে ব্যক্ত কৰে।

ফলাফল ঘোষণাৰ পিছতে আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে সকলো পৰীক্ষাৰ্থীকে শুভেচ্ছা জ্ঞাপন কৰে ৷

ঊৰ্দ্ধমুখী হৈছে নগাঁৱৰ ফলাফল : আয়ুক্তই জনালে শুভেচ্ছা...
ডলিছাৰ সাফল্যত আনন্দিত তৰণীবাসী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in