ধৰ্ষণৰ গোচৰত বটদ্ৰৱা আৰক্ষীয়ে আটক কৰে ৰকিবুল হুছেইনক...

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ভোমোৰাগুৰি গাঁও পঞ্চায়তৰ সভাপতিক মঙলবাৰে নিশা আৰক্ষীয়ে আটক কৰে।
ধৰ্ষণৰ গোচৰত বটদ্ৰৱা আৰক্ষীয়ে আটক কৰে ৰকিবুল হুছেইনক...

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ভোমোৰাগুৰি গাঁও পঞ্চায়তৰ সভাপতিক মঙলবাৰে নিশা আৰক্ষীয়ে আটক কৰে। বটদ্ৰৱা আৰক্ষীয়ে আটক কৰে পঞ্চায়ত সভাপতি ৰকিবুল হুছেইন ওৰফে গুলজাৰ হুছেইন ওৰফে ৰকিবুল হুছেইনক।

ভোমোৰাগুৰি গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে যোৱা ১ ফেব্ৰুৱাৰীতেই বটদ্ৰৱা আৰক্ষী থানাত এগৰাকী ভুক্তভোগী মহিলাই এজাহাৰ দাখিল কৰিছিল। ভুক্তভোগী মহিলা গৰাকীয়ে দিয়া অভিযোগ মতে, যোৱা ২৮ জানুৱাৰীত দিনৰ প্ৰায় ১০ বজাত তেওঁ নগাঁও চহৰস্থিত বায়েকৰ ঘৰলৈ যাবৰ বাবে বটদ্ৰৱাৰ শান্তিজান বজাৰৰ সমীপত থকা বাচ আস্থানত ৰৈ আছিল।

তেতিয়া এ এচ ০২ এক্স ৬৩৩১ নম্বৰৰ এখন আই-২০ গাড়ীৰে তেওঁক আৰু মহিলা গৰাকীৰ ৬ বছৰীয়া কণ্যাক কেইজনমান লোকে অপহৰণ কৰে। মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত অপহৰণকাৰীয়ে তেওঁক ডিঙি চেপি হত্যাৰ চেষ্টা চলায়। লগতে তেওঁৰ কণ্যাকো হত্যাৰ ভাবুকি দিয়ে।

মহিলাগৰাকীৰ লগত থকা মোবাইল ফোনো অপহৰণকাৰীয়ে ফ্লাইট মোড কৰি লগত ৰাখি ৰকিবুল হুছেইনে মহিলাগৰাকীক গাড়ীৰ ভিতৰতে উপৰ্যুপৰি ধৰ্ষণ কৰে। পিচত তেওঁক এখন হোটেললৈ নিয়ে। তেতিয়া মহিলা গৰাকীয়ে চিঞৰ-বাখৰ কৰাত হোটেলৰ অন্যলোকে গম পোৱাত অপহৰণকাৰী কেইজনে মহিলাগৰাকীকলৈ অন্য এঘৰলৈ যায়।

সেই স্থানত অপহৰণকাৰীয়ে মহিলা গৰাকী আৰু তেওঁৰ কণ্যাক হত্যাৰ ভাবুকি দি ধৰ্ষণ কৰে। তদুপৰি মহিলাগৰাকীৰ অশ্লীল ভিডিঅ প্ৰস্তুত কৰে।মহিলাগৰাকীক ধৰ্ষণৰ কথা ৰাজহুৱা কৰিলে হত্যা কৰা আৰু অশ্লীল ভিডিঅ ৰাজহুৱা কৰাৰ ভাবুকি দিয়ে অভিযুক্তই। পিচত অপহৰণকাৰীয়ে মহিলা গৰাকীক তেওঁৰ বায়েকৰ শিয়ালমাৰিস্থিত বায়েকৰ ঘৰত নমাই থৈ আহে।

মহিলাগৰাকীৰ কৰ্মসূত্ৰে ডিব্ৰুগড়ত থকা স্বামীয়ে ঘটনাৰ বিষয়ে জানিব পাৰি, ঘৰলৈ অহাৰ পিচত তেওঁলোকক অপহৰণকাৰী দলটোৱে ঘটনাটো গাপ দিবলৈ আৰু আৰক্ষী নজনাবলৈ ভাবুকি দিয়ে। আনকি তেওঁলোকক ধনৰ প্ৰলোভন দিয়াৰ লগতে তেওঁলোক যাতে ঘৰৰ পৰা আৰক্ষী থানালৈ যাব নোৱাৰাকে পহৰাৰো ব্যৱস্থা কৰে।

যোৱা ১ ফেব্ৰুৱাৰীৰ দিনা সুযোগ বুজি মহিলাগৰাকীয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰত ভোমোৰাগুৰি গাওঁ পঞ্চায়তৰ সভাপতি ৰকিবুল হুছেইনৰ নাম উল্লেখ থকাৰ লগতে ৰাফাজ্জুল ইছলাম, হাতেম আলী, ছাহজাহান আলী আৰু আবু শ্বৰীফৰ নাম উল্লেখ আছে। সেই মৰ্মে বটদ্ৰৱা আৰক্ষী থানাত ১৫/২৩ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৬৫/৩৭৬/৫০৬/৩৪ ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছিল যদিও অভিযুক্তক আটক কৰিব পৰা নাছিল। অৱশেষত যোৱা নিশা বটদ্ৰৱা আৰক্ষীয়ে ৰকিবুল হুছেইনক আটক কৰি, আজি জেল হাজোতলৈ প্ৰেৰণ কৰে।

আৰু পঢ়ক: মৃতদেহ ভৰাই থ'লে ফ্ৰীজত! কিয়, কেনেকৈ চাহিলে হত্যা কৰিলে প্ৰেমিকা নিকিক..

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in