ৰাইডঙীয়াত 'বিকাশ'ৰ উদ্যোগত ৰচনা প্ৰতিযোগিতা

ৰাইডঙীয়াত 'বিকাশ'ৰ উদ্যোগত ৰচনা প্ৰতিযোগিতা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ৰাইডঙীয়াৰ শিশু বিকাশৰ বাবে উৎসৰ্গিত সংগঠন 'বিকাশ'ৰ উদ্যোগত নগাঁও জিলা ভিত্তিত এখনি ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। চলিত বৰ্ষৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত হ'ব লগীয়া স্বৰ্গীয় লহকৰ বৰা আৰু স্বৰ্গীয় নিৰুপমা বৰা সোঁৱৰণী ৰচনা প্ৰতিযোগিতালৈ ৰচনা পঠিওৱাৰ অন্তিম তাৰিখ হৈছে ৩১ অক্টোবৰ, ২০২৩।

ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণৰ সৰ্বোচ্চ বয়সৰ সীমা ১৮ বছৰ (দ্বাদশ শ্ৰেণীলৈকে)। ১৫০০ (পোন্ধৰ শ) শব্দৰ ভিতৰত লিখিব লগীয়া ৰচনাৰ বিষয়বস্তু হৈছে- "জ্ঞান আহৰণৰ ক্ষেত্ৰত বিদ্যালয় আৰু শিক্ষাগুৰুৰ লগতে সামাজিক পৰিৱেশৰ গুৰুত্ব।" স্বৰ্গীয় লহকৰ বৰা আৰু স্বৰ্গীয় নিৰুপমা বৰা সোঁৱৰণী ভিত্তিত ৰচনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ৰচনাৰ পুৰস্কাৰ নগদ ৫,০০০ টকা, বঁটা আৰু কিতাপ; দ্বিতীয় শ্ৰেষ্ঠ ৰচনাৰ পুৰস্কাৰ নগদ ৩,০০০ টকা, বঁটা আৰু কিতাপ।

আনহাতে তৃতীয় শ্ৰেষ্ঠ ৰচনাৰ পুৰস্কাৰ নগদ ১,০০০ টকা, বঁটা আৰু কিতাপ আগবঢ়োৱা হব বুলি 'বিকাশ'ৰ কাৰ্যকৰী সভাপতি লাচিত বৰদলৈ আৰু প্ৰধান সম্পাদক শংকৰজ্যোতি শৰ্মাই জানিবলৈ দিছে। ৰচনা জমা দিয়াৰ ক্ষেত্ৰত ৭৪২৯২-৪৪২০২ নম্বৰত যোগাযোগ কৰাৰ লগতে নগাঁও চহৰৰ হলধৰ ভূঞা পথ(ৱাৰ্ড নং-১০)ৰ শংকৰ ফুড চাপ্লাই (আলোক-অলি হোটেল)ত জমা দিব পাৰিব।

ৰাইডঙীয়াত 'বিকাশ'ৰ উদ্যোগত ৰচনা প্ৰতিযোগিতা
ধেমাজিত কোটিটকীয়া কেলেংকাৰীঃ নাম সাঙুৰ খাইছে উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in