ধেমাজিত কোটিটকীয়া কেলেংকাৰীঃ নাম সাঙুৰ খাইছে উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তৰ

ধেমাজি তেলিজানৰ পৰা ঢকুৱাখনা সংযোগী পথ নিৰ্মাণৰ মাটি অধিগ্ৰহণৰ নামত মধ্যভোগী দালালৰ জৰিয়তে ২৪ কোটি ১৫ লাখ ১৭ হেজাৰ ৬ শ ৪৪ টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ তদানীন্তন উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তৰ বিৰুদ্ধে...
ধেমাজিত কোটিটকীয়া কেলেংকাৰীঃ নাম সাঙুৰ খাইছে উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তৰ

ডিজিটেল সংবাদ, ধেমাজিঃ অসম মালা আচঁনিৰ অধীনত ৰূপায়ন হৈ থকা ধেমাজি তেলিজান পৰা ঢকুৱাখনা সংযোগী পথ নিৰ্মাণৰ পূৰ্বেই মাটি অধিগ্ৰহণৰ নামত হোৱা ২৪ কোটি ১৫ লাখ ১৭ হেজাৰ ৬ শ ৪৪ কোটি টকাৰ বিয়াগোম কেলেংকাৰীৰ তথ্য পোহৰলৈ অহা ঘটনাই জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ এই কেলেংকাৰীৰ বিষয়কলৈ বৃহস্পতিবাৰে ধেমাজি প্ৰেছ ক্লাবত দুই সচেতন যুৱক চিণ্টু শইকীয়া আৰু মিণ্টুৰাজ কামানে সংবাদমেল সম্বোধন কৰি কোটিটকীয়া কেলেংকাৰীৰ তথ্য পোহৰলৈ আনে ৷

কেচু খান্দোতে সাপ ওলোৱা ঘটনাৰ দৰে তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে পোৱা তথ্যৰ পিছতেহে এই কেলেংকাৰী ঘটনা পোহৰলৈ আহে। মাটি অধিগ্ৰহণৰ নামত হোৱা মুঠ ১৪ গৰাকী হিতাধিকাৰীৰ নাম উল্লেখ কৰি সংবাদমেলত দুই যুৱকে কয় যে- বাঁহৰ কেঁচা ঘৰকো পকা ঘৰ দেখোৱাই, এক মহলা ঘৰকো দুই মহলা আৰু ক্ষুদ্ৰ ৱালখনকো ডাঙৰ আকাৰৰ বাউণ্ডাৰী ৱাল দেখোৱাই, ঘৰ নোহোৱা ঠাইতো ঘৰ থকা দেখোৱাই, সো-বাওঁৱে ক্ষতি পূৰণৰ নামত এই বৃহৎ পৰিমানৰ ক্ষয়-ক্ষতি চূড়ান্ত তালিকা প্ৰস্তুত কৰিছিল ।

উক্ত তালিকাখনক তদানীন্তন উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই চকু মোদিয়েই অনুমোদন জনোৱা পিছতেই হিতাধিকাৰীসকলে মাটি অধিগ্ৰহণৰ নামত হোৱা ৰাজকোষৰ কোটি টকাৰ ধন জালিয়াতিৰে আত্মসাৎ কৰা কেলেংকাৰীৰ বিষয়ে সংবাদমেলত অৱগত কৰে ৷ ৰাজহ বিভাগৰ দায়িত্বত থকা তদানীন্তন অতিৰিক্ত উপায়ুক্ত উৎপল দলেৰ সৈতে এক দালালি চক্ৰই গোপন বুজাবুজিৰ জৰিয়তে মাটিৰ ক্ষতিপূৰণ, ভুৱা প্ৰাকঃকলন প্ৰস্তুত কৰি ঘৰ, গছ-গছনি আৰু অন্যান্য সা-সম্পত্তিৰ ভুৱা তালিকা প্ৰস্তুত কৰি ইয়াৰ বিনিময়ত এক বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি দুৰ্নীতিগ্ৰস্ত বিষয়া আৰু কৰ্মচাৰীসকলক মেনেজ কৰাত দালালি চক্ৰটোৱে মুখ্য ভূমিকা পালন কৰিছিল বুলিও সংবাদমেলত যুৱক দ্বয়ে অৱগত কৰে ৷

ইফালে এই কেলেংকাৰীৰ উচিত তদন্ত বিচাৰি সচেতন যুৱক দ্বয়ে অসম চৰকাৰৰ মুখ্য সচিবকে ধৰি মুখ্যমন্ত্ৰী তদাৰকী কোষ, চি আই ডি বিভাগ, সঞ্চালক দুৰ্নীতি নিবাৰক তদাৰকী শাখা, অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষা সমিতিৰ চেয়ামেন, আৰক্ষী সঞ্চালক প্ৰধান আৰু মহাপৰিদৰ্শক অপৰাধ অনুসন্ধান শাখাকে ধৰি ৰাজ্যৰ ঊৰ্দ্ধতম কৰ্তৃক্ষৰ বিভাগলৈকে তাৎক্ষণিক ব্যৱস্থাগ্ৰহণৰ অভিযোগ দাখিল কৰিছে ৷

ধেমাজিত কোটিটকীয়া কেলেংকাৰীঃ নাম সাঙুৰ খাইছে উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তৰ
লখিমপুৰত ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ সাংগঠনিক সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in