পাখিমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ ৰাষ্ট্ৰীয় সপ্তম পোষণ মাহ পালন

পাখিমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ ৰাষ্ট্ৰীয় সপ্তম পোষণ মাহ পালন
Published on
Updated on

ডিজিটেল সংবাদ,বেবেজীয়া: সৱল নাৰী, সাক্ষৰ শিশু,সুস্থ ভাৰত শ্লোগানেৰে নগাঁও জিলাৰ ডাকৰঘাট হাইস্কুল প্ৰেক্ষাগৃহত আজি পাখিমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ ৰাষ্ট্ৰীয় সপ্তম পোষণ মাহ পালন কৰা হয়। এই উপলক্ষে আয়োজিত সভাখনত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক নিৰ্মল চন্দ্ৰ বৰাই।

পাখিমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকা উপমা বৰুৱাই আঁতধৰা সভাখনিত মহিলা সৱলীকৰণ কেন্দ্ৰৰ বিষয়া কুইন বৰাই যৌন আৰু প্ৰজনন সম্পৰ্কত আলোকপাত কৰে।

পাখিমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ভক্তি ৰেখা ৰয়ে আদৰণি ভাষণ প্ৰদান কৰা লগতে কিশোৰী সকলৰ পুষ্টিহীনতা সম্পৰ্কে সুন্দৰ ব্যাখ্যা আগবঢ়োৱাৰ সমান্তৰালকৈ ঘৰুৱা ভাৱে উপলব্ধ খাদ্য সম্ভাৰেৰে কিদৰে ৰক্তহীনতা দূৰ কৰাব পাৰি সেই সম্পৰ্কেও বাখ্যা আগবঢ়ায়।

ডাকৰঘাট চাৰ্কোলৰ অংগনবাদী কৰ্মী মনমনা বৰাৰ নেতৃত্বত সমবেত সংগীতেৰে শুভাৰম্ভ কৰা পোষণ সভাখনিত বুঢ়াগোহাঁই স্বাস্থ্য কেন্দ্ৰৰ বিষয়া ডা. কুমুদ বৰা আৰু ডা. ঈৰ্চাদ জাফৰে স্বাস্থ্য সজাগতা সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়। উল্লেখ্য যে, সভাত লোকবাদ্য প্ৰদৰ্শন, ছাত্ৰ-ছাত্ৰীৰ নৃত্য-গীতৰ লগতে খাদ্যমেলাই অনুষ্ঠানটো জীপাল কৰি তোলে।

সভাত মুখ্য সেৱিকা ৰাইনা পাৰবিজা ৰুবীৰাণী বৰা, মৌচুমী লস্কৰ, দীপা হাজৰিকা, ডেইজি হাজৰিকা আৰু পোষণ বিষয়া থানেশ্বৰ শৰ্মাকে ধৰি বিভিন্ন গৰাকী ব্যক্তি উপস্থিত থাকে।

অন্যহাতে আজি জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনস্থ পাখিমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ডাকৰ ঘাট পঞ্চায়তত মহিলা সৱলীকৰণ কেন্দ্ৰই পোষণ অভিযানৰ শুভাৰম্ভনী কৰে।

লগতে T3 ৰ বিশেষ কেম্প,মিছন শক্তিৰ ১০০ দিনীয়া বিশেষ সজাগতা অভিযানৰ ১৩সংখ্যক সপ্তাহত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ বিশেষ পঞ্জীকৰণ অভিযানলগতে যৌন আৰু প্ৰজনন স্বাস্থ্য সপ্তাহৰ আয়োজন কৰে।

পাখিমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ ৰাষ্ট্ৰীয় সপ্তম পোষণ মাহ পালন
ৰে'লৱে বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী উমাচৰণ নাথ সন্ধানহীন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in