প্ৰদূষণৰ বাবে বিধস্ত নগাঁৱৰ জনজীৱন : বায়ুমণ্ডলৰ সূচাংক বৃদ্ধি ৩৩৯লৈ

এফালে উন্নয়ন আনফালে ভয়াবহ প্ৰদূষণ ৷ ৰাজ্যৰ মধ্যমণি নগাঁও এতিয়া ভয়াবহ প্ৰদূষণৰ কঢ়াল গ্ৰাসত ৷
প্ৰদূষণৰ বাবে বিধস্ত নগাঁৱৰ জনজীৱন : বায়ুমণ্ডলৰ সূচাংক বৃদ্ধি ৩৩৯লৈ

ডিজিটেল সংবাদ,নগাঁও : এফালে উন্নয়ন আনফালে ভয়াবহ প্ৰদূষণ ৷ ৰাজ্যৰ মধ্যমণি নগাঁও এতিয়া ভয়াবহ প্ৰদূষণৰ কঢ়াল গ্ৰাসত ৷ বায়ু পৰিবেশৰ মানৰ নিৰন্তৰ নিৰীক্ষণ কেন্দ্ৰৰ তথ্যই শেহতীয়াকৈ নগাঁৱত হোৱা ভয়াবহ প্ৰদূষণৰ তথ্য পোহৰলৈ আনিছে ৷ প্ৰদূষণৰ কু প্ৰভাৱ পৰিছে নগাঁৱৰ জনজীৱনত ৷

ভয়াবহ প্ৰদূষণৰ বাবে নগাঁও চহৰবাসীয়ে মঙ্গলবাৰৰ দিনত দেখা নাপালে সূৰ্যৰ পোহৰ ৷ সন্ধ্যাৰ ভাগত অহা বৰষূনে আতংকিত কৰি তুলিলে সাধাৰন লোকক ৷ কিয়নো বৰষূণৰ পানীৰ ৰঙে চিন্তিত কৰি তোলে সচেতন লোকক ৷ বৰষূন পানীৰ ৰঙ ইমানে কলা আছিল যে লক্ষ্য কৰা লোক আতংকিত হৈ পৰে ৷ একে দৰে বুধবাৰেও সূৰ্য প্ৰত্যক্ষ কৰাৰ পৰা বঞ্চিত হয় নগাঁওবাসী ৷

নতুন দিল্লী , গুৱাহাটীৰ পিছতে নগাঁৱৰ জনজীৱন বিপৰ্যস্ত কৰি তুলিছে জনজীৱন ৷ কল্পনীতীত এই প্ৰদূষণ ৰোধৰ বাবে নগাঁৱত নাই কোনো প্ৰদূষণ মুক্ত কৰাৰ কাৰ্যকৰী ব্যৱস্থা ৷ প্ৰদূষণৰ বাবে জ্বৰ , চৰ্দি , কাঁহ আদিৰ লগতে শ্বাস প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হৈছে বিভিন্ন লোক ৷

বিশেষকৈ প্ৰদূষণৰ বাবে শিশু সকলৰ ওপৰত প্ৰভাব পৰিছে ৷ একেদৰে বয়োজ্যেষ্ঠ লোক ৰোগৰ দ্বাৰা প্ৰভাবিত হৈছে ৷ দুই মাহৰো অধিক কাল অভিভাৱকে শিশুক চিকিৎসকৰ ওচৰলৈ নি নি ভাগৰি পৰিছে ৷ বিশেষকৈ পথ্য গ্ৰহণৰ পিছটো শিশুৰ জ্বৰ , চৰ্দি , কাঁহ আদি উপশম হোৱা নাই ৷

নগাঁৱত ভয়াবহ ভাবে বায়ুমণ্ডলৰ সূচাংক বৃদ্ধি পাইছে ৷ সূচাংক ৩৩৯ লৈ বৃদ্ধি পাইছে ৷ এনেদৰে যদি সূচাংক বৃদ্ধি পাই থাকে তেনেহ’লে সুস্হ মানুহ অসুস্হ হৈ বাগৰি পৰি মৃত্যু হোৱাটো সুলভ হৈ পৰিব পাৰে ৷ বেচৰকাৰী সূত্ৰ মতে বয়োজ্যেষ্ঠ লোক অসুস্হ হৈ মৃত্যু হোৱাৰ সংখ্যা নগাঁৱত বৃদ্ধি পাইছে ৷

প্ৰদূষণৰ বাবে বিধস্ত নগাঁৱৰ জনজীৱন : বায়ুমণ্ডলৰ সূচাংক বৃদ্ধি ৩৩৯লৈ
অনুতপ্তহীন বন্দনা! ভালদৰে খাইছে,শুইছে, কেতিয়াবা বিচাৰিছে চিকেন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in