/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/684484a7-1ad9-4cd3-8374-41a9dd3774bd/ban.jpg)
ডিজিটেল ডেস্ক: ৰাজ্য জোকাৰি যোৱা অমৰ-শকংৰী দে' হত্যাকাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ আহিছে বন্দনা কলিতাৰ এটাৰ পিছত আন এটা নৃশংসতাৰ কথা।
বুধবাৰে বন্দনাক হাজিৰ কৰোৱা হৈছিল CJM আদালতত। ৭ দিনৰ বাবে জিম্মাত বিচাৰিছিল আৰক্ষীয়ে কিন্তু ৬ দিনৰ বাবেহে জিম্মাত প্ৰেৰণ কৰে বন্দনাক।পূৰ্বে ৫ দিনৰ জিম্মাত আছিল বন্দনা কলিতা।
উল্লেখ্য যে, বন্দনা কলিতা গ্ৰেপ্তাৰ হোৱাৰ পাছতো তেওঁ স্বাভাৱিক জীৱন নিৰ্বাহে কৰি আছে। কোনো অনুতপ্ত নাই বন্দনাৰ। ভালদৰে নিশাৰ আহাৰ খাইছে, পুৱা দেৰিলৈকে শুইছে, কেতিয়াবা খাবলৈ বিচাৰিছি চিকেন। মুঠতে বন্দনাৰ এই ৰূপ দেখি আচৰিত হৈছে আৰক্ষীও।
প্ৰথম অৱস্থাত বন্দনাই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছিল যদিও মঙলবাৰে কৈছিল যে তেওঁ হত্যা কৰা নাই। ইয়াৰ পাছতে বুধবাৰে সংবাদ মাধ্যমৰ আগত নীৰৱতা অৱলম্বন কৰে বন্দনাই।
উল্লেখ্যে যে, প্ৰায় ৭ মাহ পূৰ্বে হত্যাৰ বলি হৈছিল বন্দনাৰ স্বামী অমৰজ্যোতি দে আৰু শাহুৱেক শংকৰী দে। অভিযোগ অনুসৰি বন্দনা, তেওঁৰ প্ৰেমিক ধনজিত আৰু আন এজন যুৱক অৰূপে মিলি হত্যাকাণ্ড সংঘটিত কৰিছিল।
প্ৰথমে হত্যা কৰি দুয়োটা মৃতদেহ ফ্ৰীজত ভৰাই থৈছিল আৰু পৰৱৰ্তী সময়ত মেঘালয়ত পেলাই দিছিল টুকুৰাবোৰ। পৰকীয়া প্ৰেমৰ বাবেই এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
Also Read: ব্রহ্মপুত্র নৈত জাঁপ যুৱতীৰ, উদ্ধাৰ হোৱা নাই পৰিচয়...