কলিয়াবৰত ’ক্ৰিয়েটিভ- কলিয়াবৰ’ৰ অসম আৰক্ষী দিৱস উদযাপন

মঞ্চস্থ হ’ল নাটক ’আৰক্ষী চকী’, মহকুমা আৰক্ষী বিষয়াসহ সকলো আৰক্ষীৰ অংশগ্ৰহণ...
কলিয়াবৰত ’ক্ৰিয়েটিভ- কলিয়াবৰ’ৰ অসম আৰক্ষী দিৱস উদযাপন

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰৰ অগ্ৰণী সাংস্কৃতিক, সামাজিক অনুষ্ঠান ’ক্ৰিয়েটিভ- কলিয়াবৰ’ৰ উদ্যোগত নগাঁও জিলা আৰক্ষী প্ৰশাসনৰ সহযোগিতাত ১ অক্টোবৰৰ অসম আৰক্ষী দিৱসৰ দিনটোতে আড়ম্বৰপূৰ্ণভাৱে উদযাপিত হ’ল অসম আৰক্ষী দিৱস ৷ সন্ধিয়া ৭বজাৰ পৰা কুঁৱৰীটোলস্থিত কলিয়াবৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত উদযাপিত হয় অসম আৰক্ষীৰ বাবে এই বিশেষ দিনটো ৷ স্থানীয় ৰাইজৰ সহযোগত সন্ধিয়া ৭বজাত নগাঁও জিলা তথা কলিয়াবৰ মহকুমাৰসমূহ আৰক্ষীৰ উপস্থিতিত অনুষ্ঠিত আৰক্ষী দিৱসটিৰ বন্তি প্ৰজ্বালনৰে শুভাৰম্ভ কৰে কলিয়াবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তই ৷

ইয়াৰ পিছতে উদ্যোক্তা অনুষ্ঠানটিৰ হৈ মহকুমাটোৰ জখলাবন্ধা, কলিয়াবৰ, উলুৱনি, ৰূপহী, চামগুৰিকে আদি কৰি জিলাখনৰ প্ৰায়সংখ্যক থানা এলেকাৰ আৰক্ষী তথা আৰক্ষী বিষয়াসকলক আৰক্ষী দিৱসক সন্মান যচা হয় ৷ ইয়াৰ পিছতে ৰূপালীম গোস্বামীৰ বৰগীতৰ আধাৰত এটি নৃত্যৰে সাংস্কৃতিক কাৰ্যসূচীৰ মুকলি কৰি মঞ্চস্থ কৰা হয় নাট্যকাৰ দেৱব্ৰত বৰঠাকুৰৰ দ্বাৰা ৰচিত নাটক ’আৰক্ষী চকী’ ৷ ক্ৰিয়েটিভ কলিয়াবৰৰ সভাপতি নৃপেন চন্দ্ৰ কেওটে পৰিচালনা কৰা নাটকখনিত অভিনয় কৰে কলিয়াবৰৰ ন-পুৰণি শিল্পীয়ে ৷ আজিৰ সমাজ ব্যৱস্থাত ৰাজনীতিৰ প্ৰভাৱ আৰু ইয়াৰ মাজতে মূৰ তুলি সমাজত থিয় দি থকা এমুঠি সাহসী আৰক্ষীৰ সমাজ সংস্কাৰৰ পদক্ষেপৰ আধাৰত ৰচিত নাটকখনৰ আৰক্ষী বিষয়াৰ ভূমিকাত অভিনয় কৰিছিল পল্লব শইকীয়াই ৷ ফুলকোঁৱৰৰ ভুমিকাত মৃদুল হাজৰিকা, গগৈ কনিষ্ঠবল প্ৰাঞ্জল নাথ, নাথ কনিষ্ঠবল মোহিত ভূঞা, চকিদাৰ সঞ্জয় বৰা, সাগৰৰ চৰিত্ৰত চন্দন শইকীয়া, মহেন্দ্ৰ শইকীয়াৰ ভূমিকাত লক্ষ্যজ্যোতি, প্ৰধান শিক্ষকৰ ভুমিকাত অনুপ বৰা, সাংবাদিকৰ ভূমিকাত ৰাজ হাজৰিকা আৰু গোলাপীৰ ভূমিকাত শিল্পী ওজাই অভিনয় কৰিছিল ৷

নাটকখনৰ সংগীত আৰু পোহৰ ব্যৱস্থাপনাত আছিল সঞ্জীৱ শইকীয়া ৷ সহযোগী হিচাপে আছিল গুনমনি ওজা ৷ সাজসজ্জা আৰু ৰূপসজ্জা ৰূপজ্যোতি গোস্বামীৰ ৷ সহযোগি হিচাপে আছিল হিয়াশ্ৰী কেওট ৷ শব্দ আৰু পোহৰ ব্যৱস্থাপনাত আছিল মুন ৷ ক্ৰিয়েটিভ কলিয়াবৰৰ প্ৰতিগৰাকী নিষ্ঠাবান সদস্য-সদস্যা তথা শুভাকাংক্ষীয়ে প্ৰতিটো ক্ষেত্ৰতে সবন সহযোগিতাৰে অনুষ্ঠানটো সফল কৰি তোলে ৷ সামগ্ৰিকভাৱে অভিনয়, সংগীত আৰু পোহৰসজ্জাত সফলতা লাভ কৰিছে ’আৰক্ষী চকী’ নাটকখনে ৷ দৰ্শকৰ সমাদৰ বাৰুকৈয়ে লাভ কৰি সমাদৃত হৈছে নাটকখন ৷ ক্ৰিয়েটিভ কলিয়াবৰৰ সম্পাদক ভৱেন বৰুৱাৰ লগতে জয়ন্ত কুমাৰ শৰ্মাই অনুষ্ঠানটিৰ সামগ্ৰিক দিশটো চোৱাচিতা কৰিছিল ৷ দৰ্শকৰে পূৰ্ণ প্ৰেক্ষাগৃহত নাটকৰ শেষত মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ দ্বাৰা এটি কেক্ কাটি সকলো আৰক্ষী প্ৰশাসনৰ উপস্থিতিত মঞ্চতে আৰক্ষী দিৱসটোৰ কাৰ্যসূচীৰ সামৰণি মাৰে ’ক্ৰিয়েটিভ- কলিয়াবৰে’৷

কলিয়াবৰত ’ক্ৰিয়েটিভ- কলিয়াবৰ’ৰ অসম আৰক্ষী দিৱস উদযাপন
মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইন জব্দ, গ্ৰেপ্তাৰ মণিপুৰৰ সৰবৰাহকাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in