/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a17091d3-d7cb-45b2-9543-11a7fca5f167/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইন জব্দ। মিজোৰামৰ আবকাৰী আৰু নাৰ্কোটিকছ বিভাগে মণিপুৰ-মিজোৰাম সীমান্তৰ চাইতুল জিলাৰ ছেলিঙৰ পৰা জব্দ কৰে হেৰ'ইনখিনি। এম জেদ-০১-কে-১৪২০ নম্বৰৰ ফৰ্ড বাহনত তালাচী চলাই জব্দ কৰা হয় কেইবাটাও হেৰ'ইন ভৰ্তি পেকেট। পেকেট কেইটাৰ পৰা জব্দ কৰা হেৰ'ইনখিনিৰ ওজন ১.২২ কিলোগ্রাম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/acd1ebdc-789a-4963-a0fd-377c5810ce1a/93b88190_02e2_444d_8709_8d9982919bbb.jpg)
হেৰ'ইনৰ সৈতে জব্দ কৰা হয় ১.৭৪ কেজি গাঞ্জাও। হেৰ'ইন আৰু গাঞ্জাখিনি ম্যানমাৰৰ পৰা মণিপুৰলৈ সৰবৰাহৰ সময়ত জব্দ কৰা হয়। জব্দকৃত হেৰ'ইনৰ মূল্য কেইবা কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। হেৰ'ইন আৰু গাঞ্জা সৰবৰাহৰ অভিযোগত মণিপুৰৰ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। ধৃত লোক দুজন চুৰাচান্দপুৰ জিলাৰ কামখওলুন আৰু নেহমিনলেন।
Also Read: দৰঙত উত্তৰ পশ্চিম দৰং শিল্পী সমাজৰ "পুৰণি দিনৰ স্মৃতি" অনুষ্ঠান