নগাঁৱত সাত লক্ষাধিক টকা মূল্যৰ ব্ৰাউন ছুগাৰ জব্দ...

নগাঁও জিলাৰ বিভিন্ন স্থানত নিষিদ্ধ ড্ৰাগছৰ বেহা অব্যাহত আছে।

author-image
Asomiya Pratidin
New Update
নগাঁৱত সাত লক্ষাধিক টকা মূল্যৰ ব্ৰাউন ছুগাৰ জব্দ...

ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ বিভিন্ন স্থানত নিষিদ্ধ ড্ৰাগছৰ বেহা অব্যাহত আছে। নগাঁৱৰ আৰক্ষীয়ে জিলাখনক ড্ৰাগছ মুক্ত জিলা হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও ড্ৰাগছৰ ব্যৱসায়ীয়ে নিত্য নতুন কৌশল অৱলম্বন কৰি জিলাখনত ড্ৰাগছৰ ব্যৱসায় চলাই আছে।

Advertisment

নগাঁও আৰক্ষীৰ অভিযানৰ অংশ হিচাপে নগাঁৱৰ ইটাচালী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অজিত সোণোৱালৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে নগাঁৱৰ উৰিয়াগাৱত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। এক গোপন সুত্ৰৰ পমখেদি আৰক্ষীয়ে চলোৱা অভিযানৰ সমূহ আৰক্ষীয়ে বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰ জব্দ কৰাৰ লগতে চাৰিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে দহটা চাবোনৰ বাকচ ভৰ্তি ১২৪ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে। জব্দ কৰা ব্ৰাউন ছুগাৰ খিনিৰ মূল্য সাত লক্ষ্যাধিক টকা হবু বুলি আৰক্ষী সুত্ৰত প্ৰকাশ। এই সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী কেইজন হ'ল ৰাজীৱ আহমেদ,আনাৰুল হক, মিৰাজুল ইছলাম আৰু ফজলুল হক। আৰক্ষীয়ে তেওঁলোকৰ পৰা দুখন মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয়।

Also Read: জিলা উপায়ুক্তৰ কাৰ্যালয়তেই ভুৱা নিযুক্তিপত্ৰ প্ৰদান কৰা যুৱক, গ্ৰেপ্তাৰ...

Assam police