ড্ৰাগছ সৰবৰাহত নামিল মেঘালয় আৰক্ষীও ! কাছাৰ আৰক্ষীৰ জালত দুজন...

ড্ৰাগছ সৰবৰাহত নামিল মেঘালয় আৰক্ষীও ! কাছাৰ আৰক্ষীৰ জালত দুজন...
ড্ৰাগছ সৰবৰাহত নামিল মেঘালয় আৰক্ষীও ! কাছাৰ আৰক্ষীৰ জালত দুজন...

ডিজিটেল সংবাদ শিলচৰঃ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত হৈ আছে আৰক্ষীও। শেহতীয়াকৈ ড্ৰাগছসহ কাছাৰ আৰক্ষীৰ হাতত আটক হৈছে এগৰাকী মেঘালয়ৰ আৰক্ষী জোৱান।‌ আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি ৩৮ টা কন্টেইনাৰৰ সৈতে মেঘালয় আৰক্ষীৰ জোৱান জনৰ সৈতে আন এজন লোককো আটক কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, গোপন তথ্যৰ ভিত্তিত অভিযান চলাই বৃহস্পতিবাৰে আৰক্ষীয়ে গুমৰা বজাৰৰ পৰা আটক কৰে মেঘালয় আৰক্ষীৰ জোৱানসহ চুবুৰীয়া ৰাজ্যখনৰে আন এজন ড্ৰাগছ সৰবৰাহকাৰীক। গুমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পঞ্চ পল্লব বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গুমৰা বজাৰ এলেকাত ML10C- 7583 নম্বৰৰ এখন অল্টোত তালাচী চলাই জব্দ কৰিবলৈ সক্ষম হৈছে ড্ৰাগছখিনি।

আৰক্ষীয়ে বাহনখনৰ পৰা উদ্ধাৰ কৰিছে ৩৮ টা প্লাষ্টিকৰ কন্টেইনাৰ জব্দ কৰে। ইয়াৰোপৰি আৰক্ষীয়ে জব্দ কৰিছে নগদ ৩২,২৫০ টকা আৰু ৪টা মোবাইল হেণ্ডছেট। আৰক্ষীে আটক কৰা মেঘালয় আৰক্ষীৰ জোৱান জন কৰণ গুৰুং(৩০) আনজন বিনয় নুংপ্লুহ (৩০)। বিনয় শ্বিলঙৰ উমিয়াঙৰ বাসিন্দা।

ড্ৰাগছ সৰবৰাহত নামিল মেঘালয় আৰক্ষীও ! কাছাৰ আৰক্ষীৰ জালত দুজন...
মণ্ডলৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ব্যৰ্থঃ মানহানিৰ গোচৰৰ ভাবুকি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in