Advertisment

বাগৰিৰ গড় হত্যাৰ লগত জড়িত অপৰাধীৰ সন্ধান দিওঁতালৈ নগাঁও আৰক্ষীৰ পুৰস্কাৰ ঘোষণা

সেয়ে অপৰাধীক কৰায়ত্ব কৰাৰ বাবে আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰিছে

author-image
Asomiya Pratidin
New Update
বাগৰিৰ গড় হত্যাৰ লগত জড়িত অপৰাধীৰ সন্ধান দিওঁতালৈ নগাঁও আৰক্ষীৰ পুৰস্কাৰ ঘোষণা

ডিজিটেল সংবাদ, নগাঁও : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাঁও জিলাৰ অংশৰ বাগৰি বন সংমণ্ডলৰ অধীনৰ বনাঞ্চলত শেহতীয়াভাবে হোৱা গড় হত্যাৰ লগত জড়িত অপৰাধীক কৰায়ত্ব কৰিবলৈ আৰক্ষী তথা বনবিভাগ সক্ষম হোৱা নাই। উল্লেখযোগ্য যে বাগৰি বনাঞ্চলত ২৬ মাৰ্চত এটা খৰ্গহীন গড়ৰ মৃতদেহ উদ্ধাৰ হৈছিল।

Advertisment

চোৰাং চিকাৰীয়ে গড়টো হত্যা কৰি খৰ্গ কাটি লৈ গৈছিল। মৃত গড়টো উদ্ধাৰ হোৱাৰ ৫দিন উকলি যোৱাৰ পিছতো গড়টোৰ হত্যাৰ লগত জড়িত চোৰাং চিকাৰী বা অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে অপৰাধীক কৰায়ত্ব কৰাৰ বাবে আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰিছে।

সেই অনুসৰি এই অপৰাধৰ লগত জড়িত অপৰাধীৰ সন্ধান দিওঁতাক ৫ লাখ টকাৰে পুৰস্কৃত কৰিব নগাঁও আৰক্ষীয়ে। সন্ধান দিওঁতাৰ পৰিচয় গোপন ৰখা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Also Read: কলকাতাৰ শিশিৰ মঞ্চত কবি জীৱন নৰহৰ যাপনচিত্ৰ ৰাষ্ট্ৰীয় কাব্য বঁটা গ্ৰহণ

nagaon police