/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ec0d7bb3-9477-4f5a-9169-1b7ec93f9922/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ ৰাজ্যৰ অন্য স্থানৰ লগতে নগাঁৱটো বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ জিলাখনৰ বিভিন্ন আৰক্ষী থানা এলেকাত নিশা আৰক্ষীয়ে অভিযান চলায় ৷ অভিযানকালত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ২০জনকৈ অভিযুক্তক ৷ ইয়াৰে ৫জন স্বামী আৰু আনসকল আত্মীয় বুলি জানিব পৰা গৈছে ৷
জিলাখনৰ ধিং, বৰদোৱা, আমবাগান, ৰূপহী, কচুৱা আদিৰ পৰা এই ২০জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ইয়াৰ ভিতৰত আছে ইক্ৰামূল হুছেইন, কাৰিজুল ইছলাম, আজাহাৰুল ইছলাম, বাদল দাস আদি ৷ গ্ৰেপ্তাৰ কৰা সকলক বৰ্তমান থানাই থানাই ৰখা হৈছে ৷ অৱশ্যে বাল্য বিবাহৰ এই অভিযানৰ সন্দৰ্ভত নগাঁও আৰক্ষীয়ে কোনো তথ্য সদৰি কৰা নাই ৷
Also Read: শীঘ্রে অসম জাতীয় পৰিষদলৈ কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত !