/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/a85c7f99-4e70-4d19-949f-3a6cb92955b9/2.jpg)
ডিজিটেল সংবাদ, বঢ়মপুৰঃ মনত দুৰ্বাৰ আকাংক্ষা আৰু কঠোৰ অনুশীলন তথা সাধনা অব্যাহত ৰাখিলে যে লক্ষ্যৰ দিশে অগ্ৰসৰ হোৱাত কোনো বাধাই প্ৰাচীৰ হৈ থিয় দিব নোৱাৰে এই কথাই যেন পুনৰ প্ৰতিপন্ন কৰিছে নগাঁৱৰ চুতীয়াগাঁৱৰ এগৰাকী ছাত্ৰীয়ে। নাম তেওঁৰ পাহি কেওট।
এইবেলি নগাঁৱৰ উৰিয়াগাঁও ভোগেশ্বৰী ফুকননী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পাহিয়ে ইতিমধ্যে এথলেটিকছত যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰতিবেশী এজন ককায়েকৰ সহযোগত বঢ়মপুৰ পশুধন পামৰ খেলপথাৰত ২০১৯ বৰ্ষৰে পৰা নিয়মীয়াকৈ দৌৰৰ অনুশীলন কৰি অহাৰ সমান্তৰালকৈ নগাঁও ক্ৰীড়া সংস্থাৰো এগৰাকী প্ৰশিক্ষাৰ্থী পাহিয়ে এই পৰ্যন্ত জিলা, ৰাজ্যিক, আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত অজস্ৰ পুৰস্কাৰ অৰ্জনেৰে অঞ্চলটোৰ লগতে নগাঁও জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। শুকুৰবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত" অল আছাম ৱমেন্স হাফ মাৰাথন "ৰ ২১ কিঃমিঃ দৌৰত প্ৰথম পুৰস্কাৰ লাভ কৰাকে ধৰি ইতিপূৰ্বে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ উপৰি গুৱাহাটী, শিৱসাগৰ, লখিমপুৰ, কলকাতা, পাটনা, ভূপাল, চেন্নাই আদিত অলেখ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।
ইতিমধ্যে কোকৰাঝাৰত অনুষ্ঠিত খেল মহাৰণৰ ফাইনেলত ৮০০ মিটাৰ দৌৰতো প্ৰথম স্থান লাভ কৰা পাহিৰ আকাংক্ষা আছে দৌৰিয়েই জগত জিনাৰ। কিন্তু এইগৰাকী দৌৰবিদ পাহি কেওটৰ পৰিয়ালৰ কিছু অকথিত কাহিনী শুনিলে হয়তো প্ৰতিগৰাকী হৃদয়ৱান লোকৰে অন্তৰে হাহাকাৰ কৰি উঠিব। পাহিৰ পিতৃ বীৰেন্দ্ৰ কেওট এজন দিন হাজিৰা কৰা লোক, আনহাতে মাতৃ চিনু কেওটেও প্ৰায়ে আনৰ ঘৰত কাম কৰি কোনোমতে সংসাৰখনৰ জোৰা-টাপলি মাৰি আহিছে।
তাহানিতে লাভ কৰা এটা সৰু কোঠাযুক্ত, অসম্পূৰ্ণ চৰকাৰী গৃহতে আশ্ৰয় লৈ আছে পৰিয়ালটোৱে, যিটোৰ অৱস্থা ভিতৰৰ পৰাই তৰা হিচাপ কৰিব পৰা। এনে এক পৰিৱেশত থাকিয়ে ৰাষ্ট্রীয় পৰ্য্যায়তো পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা পাহিৰ ট্ৰফী, মানপত্ৰ, মেডেলসমূহ থ'বলৈও নাই কোনো ব্যৱস্থা, যাৰ বাবে মাটিতে এলাই-আঠানিকৈ থ'ব লগা হৈছে।
বিভিন্ন স্থানত পুৰস্কাৰ হিচাপে পোৱা টকাকেইটাকে জোৰা-টাপলি মাৰি কোনো কোনো স্থানৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে। এইগৰাকী দৌৰবিদক সফলতাৰ দিশে অগ্ৰসৰ হোৱাত আজি পৰ্যন্ত চৰকাৰী বা কোনো দল-সংগঠন, আত্মীয়-স্বজনৰ পৰা কোনো সহায়-সহযোগিতা লাভ কৰা নাই।
Also Read: মৰিগাঁও জিলাত নেহেৰু যুৱ কেন্দ্ৰৰ নাৰীশক্তি সক্ষমতা দৌৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us