মৰিগাঁও জিলাত নেহেৰু যুৱ কেন্দ্ৰৰ নাৰীশক্তি সক্ষমতা দৌৰ

মৰিগাঁও জিলাত নেহেৰু যুৱ কেন্দ্ৰৰ  নাৰীশক্তি সক্ষমতা দৌৰ

ডিজিটেল সংবাদ, বেবেজীয়াঃ এখন সুস্থ সমাজ আৰু শক্তিশালী ৰাষ্ট্ৰত নাৰীৰ ভূমিকা অপৰিসীম ৷ শিক্ষিত নাৰীয়ে এখন শক্তিশালী সমাজ গঠন কৰিব পাৰে ৷ গতিকে নাৰীক অধিক শক্তিশালী আৰু শিক্ষিত কৰি তুলি এখন সুস্থ আৰু সমৃদ্ধিশালী ৰাষ্ট্ৰ গঠন কৰাৰ বাবে নাৰী শক্তিক আগবাঢ়ি যাবলৈ সমাজত বাস কৰা প্ৰতিজন ব্যক্তিয়ে উৎসাহিত তথা সহযোগিতা আগবঢ়োৱা উচিত ৷

নাৰীশক্তি ৰাষ্ট্ৰ শক্তি ৷ নাৰীশক্তি সুদৃঢ় হ'লেহে এখন দেশ শক্তিশালী আৰু সমৃদ্ধিশালী হ'ব ৷ নাৰীশক্তিক উৎসাহিত তথা শক্তিশালী কৰাৰ উদ্দেশ্য আগত ৰাখি ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনস্থ নেহেৰু যুৱ কেন্দ্ৰ সংগঠনে আন্তঃৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি আজি ৯ মাৰ্চ তাৰিখে নাৰীশক্তি সক্ষমতা দৌৰৰ আয়োজন কৰিছে ৷ মৰিগাঁও জিলা নেহেৰু যুৱ কেন্দ্ৰইও মৰিগাঁৱৰ ছটা উন্নয়ন খণ্ডতে এই কাৰ্যসূচী আয়োজন কৰিছে ৷

ভুৰবন্ধা উন্নয়ন খণ্ডৰ অন্তৰ্গত তৰাণী কলবাৰী এল পি স্কুল খেলপথাৰত প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ সহযোগত, মায়ং উন্নয়ন খণ্ডৰ মণিকাঞ্চন যোগ স্পৰ্টছ এছ'চিয়েচনৰ সহযোগত জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত, দলংঘাট উন্নয়ন খণ্ডৰ জাজৰি অনন্ত প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত নটৰাজ ডান্স একাডেমীৰ সহযোগত, মৈৰাবাৰী উন্নয়ন খণ্ডৰ পশ্চিম মৈৰাবাৰী উন্নয়ন সমিতিৰ সহযোগত মৈৰাবাৰী নুৰুল আমিন খেলপথাৰত, লাহৰীঘাট উন্নয়ন খণ্ডৰ ধিংঙ্গাৰীআটি অমৰজ্যোতি ক্লাৱৰ সহযোগত, কপিলী উন্নয়ন খণ্ডৰ তাজমহল মহিলা মণ্ডলৰ সহযোগত এই কাৰ্যসূচী আয়োজন কৰে ৷

প্ৰতিটো উন্নয়ন খণ্ডৰ এই সক্ষমতা দৌৰৰ অৰ্ধ শতাধিক মহিলা, যুৱতী আৰু সমগ্ৰ মৰিগাঁও জিলাত পাঁচশতাধিক মহিলাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ নাৰীশক্তি সক্ষমতা দৌৰ প্ৰতিযোগিতাৰ অন্তত প্ৰতিটো স্থানতে প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগীক টি-ছাৰ্ট, কেপ, ৰিষ্টবেণ্ড আৰু মাই ভাৰত ল'গ' সম্বলিত কফিকাপেৰে পুৰস্কৃত কৰা হয় ৷ মৰিগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া বিকাশ চন্দ্ৰ প্ৰধান আৰু গাণনিক তথা কাৰ্যসূচী বিষয়া ধণঞ্জয় তালুকদাৰে সক্ষমতা দৌৰত অংশগ্ৰহণ কৰা সকলোকে অভিনন্দন জনোৱাৰ লগতে অনুষ্ঠানৰ সফল ৰূপায়ণৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷

মৰিগাঁও জিলাত নেহেৰু যুৱ কেন্দ্ৰৰ  নাৰীশক্তি সক্ষমতা দৌৰ
প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে বহু প্ৰত্য়াশিত ছেলা সুৰংগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in