
ডিজিটেল সংবাদ,নগাঁও : পৈতিক সম্পত্তি ৰাজ্য চৰকাৰক দান দিবলৈ সাজু হৈছে এটি পৰিয়াল ৷ প্ৰায় ৯২ বিঘা মাটি নগাঁৱৰ এটি পৰিয়ালে চৰকাৰক দান দিবলৈ সাজু হোৱাৰ কথা সদৰি কৰিছে ৷ পিতৃৰ সম্পত্তি ভোগ দখল কৰাত অক্ষম পৰিয়ালটোয়ে উপায়ন্ত হৈ চৰকাৰক দান দিবলৈ ওলোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
এই বৃহৎ ভূমি খণ্ড আছে নগাঁও জিলাৰ ৰূপহীহাটৰ আমৰাকান্দা নামৰ গাঁও খনিত ৷ ৰূপহীহাট ৰাজহচক্ৰৰ অধীনৰ আমৰাকান্দাৰ ৯২ বিঘা ১ লোচা মাটি অখিল ৰায় আৰু মাতৃ -ভাতৃয়ে চৰকাৰক গতাই দিব বিচাৰিছে ৷ ইয়াৰ মূলতে হৈছে সমগ্ৰ ভূমি বেদখল ৷
এই বৃহৎ ভূমি খণ্ড প্ৰয়াত ভগবান গাঁওবুঢ়াৰ নামত আছিল ৷ উত্তৰাধিকাৰী সুত্ৰে তিনি পুত্ৰ আৰু পত্নীয়ে সেই ভূমি লাভ কৰিব লাগে যদিও ৰহস্য জনক ভাবে সেই মাটি অখিল ৰায় , শতায়ু গৰকা মাতৃ আৰু ভাতৃৰ নামত উত্তৰাধিকাৰী সুত্ৰে নামজাৰি হোৱা নাই ৷ আদালত , আৰক্ষী , ৰাজহ বিভাগত তাঁতবাতি কৰি ভাগৰি পৰিছে পৰিয়ালটো ৷ এই যুঁজ বাগৰৰ মাজতে ভগবান গাঁওবুঢ়াৰ এজন পুত্ৰৰ পৰলোক ঘটিছে ৷
ইফালে মাটিৰ বাবে যাবতীয় নথি পত্ৰ থকাৰ পিছটো ন্যায় লাভৰ পৰা বঞ্চিত পৰিয়ালটো ৷ পৰিয়ালটোৰ দাবী মণ্ডলে কন্দল লগোৱাৰ বাবে পিতৃৰ সম্পত্তিৰ পৰা বঞ্চিত হৈছে ৷ সিমানে নহয় ৰূপহী ৰাজহচক্ৰৰ চক্ৰ বিষয়াৰ ভূমিকাও সন্দেহজনক ৷ সেয়ে পৰিয়ালটোয়ে বৃহৎ ভূমিখণ্ড চৰকাৰক গতাই দিবলৈ সাজু হৈছে ৷ যাতে চৰকাৰে সেই ভূমিত জন হিতকৰ কাম কৰিব পাৰে ৷