/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/72eb9697-20ee-451a-bada-d3d2686c5ec6/13.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ জুৱা খেলৰ বিৰুদ্ধে নগাঁও জিলাৰ কচুৱা আৰক্ষীয়ে যোৱা নিশা এক অভিযান চলাই চাৰিটাকৈ জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কচুৱা থানাৰ অন্তৰ্গত মাধৱপাহাৰৰ এটা গুহাত অ'চি অচ্যুত কৃষ্ণ ফুকনৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে জুৱাৰীকেইটাক।
ধৃত চাৰি জুৱাৰী ক্ৰমে জুৰিৰপাৰৰ ফাইজুল ইছলাম (৩৩),ৰাজাগাৱৰ মুস্তফা আলম, আলিটাঙনিৰ ইমদাদুল হুছেইন(২৩)আৰু বাহাৰুল ইছলাম। ধৃত জুৱাৰী কেইটাৰ পৰা নগদ সাত হাজাৰ টকা আৰু ৫বাণ্ডিল প্লেইং কাৰ্ড জব্দ কৰিবলৈ সক্ষম হয়। বৰ্তমানে অধিক তথ্যৰ বাবে জুৱাৰী কেইটাৰ বিৰুদ্ধে যাৱতীয় আইনী ব্যৱস্থা গ্ৰহন কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
Also Read: আপলৈ ডাঙৰ সকাহ! সুৰা নীতি কেলেংকাৰী অভিযুক্ত সঞ্জয় সিঙৰ জামিন লাভ