শিক্ষক পবিত্ৰ কুমাৰ শইকীয়াৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান

শিক্ষক পবিত্ৰ কুমাৰ শইকীয়াৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী নসত্ৰৰ আইলক্ষ্মী আঞ্চলিক আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৃতী শিক্ষক পবিত্ৰ কুমাৰ শইকীয়াৰ শিক্ষকতাৰ কৰ্ম জীৱনৰ ৩১ মাৰ্চত অন্ত পৰিব। শনিবাৰে তেওঁৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানটি বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয়।

বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদেশ্য ব্যাখ্যা কৰে প্ৰধান শিক্ষক সোনটি কলিতাই। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ তৰফৰ পৰা পবিত্ৰ কুমাৰ শইকীয়াক ফুলাম গামোছা, কীৰ্তন পুঁথি, সম্বৰ্ধনা পত্ৰ, শৰাই, চেলেং, জাপি আদিৰে সম্বৰ্ধনা জনোৱা হয়। নগাঁও মৰিগাঁও জিলাৰ সীমামূৰীয়া নসত্ৰ, কহুৱাতলী, আইভেটি, ভোগবাৰী, পকামূৰা, মাজগাঁও, আলিচিগা, শিমলুগুৰি, গাখজুৱা, বোৱালগুৰি আদি অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণত বিদায়ী শিক্ষক শইকীয়াই আগবঢ়োৱা অৱদানৰ বাবে সভাত কেইবাগৰাকী সহকৰ্মী শিক্ষকে শলাগ লয়।

উল্লেখ্য যে ১৯৮৫ চনৰ ১ আগষ্টত কাৰ্বি আংলং জিলাৰ ডিফুত শিক্ষকতা জীৱন আৰম্ভ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো বিদ্যালয়ত শিক্ষকতা কৰাৰ পাছত ২০০৭ চনত আইলক্ষ্মী আঞ্চলিক আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা শইকীয়াই ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰিব। শিক্ষক হিচাপে শইকীয়া এজন ন্যায় পৰায়ণ, সৎ, নিষ্ঠাবান আৰু কৰ্তব্যনিষ্ঠাক আগস্থান দিয়া লোক হিচাপে পৰিচিত শিক্ষক আছিল। ছাত্ৰ, সহকৰ্মী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি বিদ্যালয়ৰ শৈক্ষিক উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰি যোৱা শিক্ষকজনক ৰাইজে একেমুখে শলাগ লোৱাৰ লগতে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰি বক্তব্য প্ৰদান কৰে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰমোদ চন্দ্ৰ বৰা, পুতুলী মাইনা গোস্বামী, শিক্ষক ভদ্ৰ কান্ত হীৰা, বিপুল বৰা, প্ৰেমানন্দ শইকীয়া, ববিতা বৰা, পবিত্ৰ শইকীয়া, শচীন্দ্ৰ বৰা, ৰাতুল বৰা, জীতেন্দ্ৰ ৰাজবংশী, ৰোহিত শৰ্মা, জ্যোতিস্মান বৰা, মৃনালী বৰাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে।

শেষত বিদায়ী শিক্ষক পবিত্ৰ শইকীয়াই "ছাত্ৰ ছাত্ৰী সকলৰ বৰ্তমান সময়খিনি জীৱনৰ মূল্যবান সময়। যিকন সময় পঢ়িবা মন দি পঢ়িবা। একাগ্ৰতাৰে আগবাঢ়িলে জীৱনত সফল হব পাৰি" বুলি ছাত্ৰ ছাত্ৰীক উদেশ্যে ভাষণ প্ৰদান কৰে। অনুষ্ঠানটিত পবিত্ৰ কুমাৰ শইকীয়াৰ ভাৰ্য্যা ৰূপালী বৰা, বোৱাৰী বৰ্ণি ভূঞা, ভাগ্যশ্ৰী বৰাৰ লগতে অতিথি বৃন্দ, ছাত্ৰ ছাত্ৰী, অভিভাৱক-আভিভাবিকা আৰু শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।

শিক্ষক পবিত্ৰ কুমাৰ শইকীয়াৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান
নিৰ্বাচনী প্ৰস্তুতিৰ মাজতে বিশ্বনাথত কংগ্ৰেছৰ প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in