নগাঁৱত পুনৰ তেল চোৰ চক্ৰঃ অইলৰ পাইপ ফুটাই খাৰুৱা তেল চুৰিৰ চেষ্টা

নগাঁৱত পুনৰ তেল চোৰ চক্ৰঃ অইলৰ পাইপ ফুটাই খাৰুৱা তেল চুৰিৰ চেষ্টা

ডিজিটেল সংবাদ, নগাঁওঃ অইল ইণ্ডিয়া লিমিটেডৰ তেল পৰিবাহী পাইপ ফুটাই খাৰুৱা তেল চুৰি কৰিবলৈ অপচেষ্টা চলোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাৰ চামগুৰি থানাৰ অন্তৰ্গত শিঙিয়া কুমাৰ গাঁৱৰ পথাৰত। খাৰুৱা তেল চুৰি চক্ৰ‌ই কুমাৰ গাঁৱৰ ৰে'ল লাইনৰ সমীপৰে যোৱা পাইপ লাইন ফুটা কৰি তেল চুৰি কৰাৰ যাৱতীয় ব্যৱস্থা কৰিছিল যদিও স্থানীয় ৰাইজৰ তৎপৰতাত পোহৰলৈ আহে। ইতিমধ্যে অইল ইণ্ডিয়া লিমিটেডৰ জখলাবন্ধাৰ চিকনীস্থ কাৰ্যালয়ৰ অভিযন্তা আৰু সুৰক্ষাকৰ্মী ঘটনাস্থলীত উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

কুমাৰ গাঁৱৰ পথাৰৰ মাজেদি যোৱা পাইপ লাইনৰ কাষত দেওবাৰে গৰু এৰাল দিবলৈ গৈ স্থানীয় ৰূপক শ‌ইকীয়াই খাৰুৱা তেলৰ গোন্ধ পাই সন্দেহ উপজে। লগে লগেই তেওঁ খাৰুৱা তেলৰ গোন্ধৰ উৎস অনুসন্ধান কৰে। তেল পৰিবাহী পাইপৰ ওপৰত বন, জংঘল আদিৰে ঢাকি থোৱা এটা দ' গাঁত প্ৰত্যক্ষ কৰে শ‌ইকীয়াই। পৰৱৰ্তী সময়ত তেওঁ স্থানীয় লোকৰ সহযোগত চামগুৰি থানাত উপস্থিত হৈ বিষয়টো অৱগত কৰে আৰক্ষীক। বিয়লি চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অইল ইণ্ডিয়া লিমিটেডৰ চিকনীস্থ কাৰ্যালয়ত যোগাযোগ কৰে। পৰৱৰ্তী সময়ত চিকনী কাৰ্যালয়ৰ পৰা অহা অইলৰ বিষয়া, কৰ্মচাৰী শিঙিয়া কুমাৰ গাঁৱৰ পথাৰত উপস্থিত হৈ তদন্ত চলায়। তেল চুৰি চক্ৰ‌ই পাইপ লাইনৰ পাইপ ফুটাই বিশেষ ব্যৱস্থা স্থাপন কৰি তেল সৰবৰাহ কৰিবলৈ যাৱতীয় ব্যৱস্থা কৰি লৈছিল যদিও তেল চুৰি কৰিবলৈ সমৰ্থ নহ'ল ৷

ঘটনাস্থলীত কৰ্মৰত অইলৰ লোকে জানিব দিয়া মতে, তেল চোৰ চক্ৰই পাইপ ফুটাই সঁজুলি স্থাপন কৰি গৈছিল তেল উলিয়াবৰ বাবে। কিন্তু স্থানীয় লোকৰ তৎপৰতাত বিষয়টো পোহৰলৈ অহাত তেল চুৰৰ অভিযান থমকি ৰয়। অইলৰ কৰ্মচাৰীয়ে জনোৱা মতে, গুৰু গোঁসাই ভাল আছিল কাৰণে অঞ্চলটো নিশ্চিত বিপদৰ পৰাও ৰক্ষা পৰিল। কিবা কাৰণত যদি তেল ওলাই আহিল হয় তেনেহলে বাঘজানৰ দৰে ঘটনা ঘটি বৃহত্তৰ অঞ্চলত ক্ষতি সাধন কৰিলেহেতেন। কিয়নো তেল চোৰৰ চক্ৰই পাইপ ফুটা কৰা স্থানৰ প্ৰায় ওপৰেদি অতি উচ্চ ক্ষমতা সম্পন্ন বিদ্যুত পৰিবাহী তাঁৰ আছিল। তেল চোৰে পাইপ ফুটা কৰি থকা অৱস্থাত ৩৪০ কিলোমিটাৰ বেগত অহা খাৰুৱা তেল ওপৰলৈ উঠি তাঁৰত লগা হ'লে বৃহৎ ক্ষতি সাধন হ'ল হয় বুলি অইলৰ কৰ্মৰত কৰ্মচাৰীয়ে জানিব দিয়ে।

৩৪০ কিলোমিটাৰ বেগত অহা খাৰুৱা তেল এখন টেংকাৰত ভৰ্তি কৰিবলৈ মাত্ৰ ৭মিনিট সময় লাগে বুলি অইলৰ সূত্ৰত প্ৰকাশ পাইছে। উল্লেখ্য যে, বৰ্তমান অইল ইণ্ডিয়া লিমিটেডৰ চিকনীস্থ পাম্প ষ্টেচনৰ পৰা খাৰুৱা তেল পৰিবহন বন্ধ ৰখা হৈছে আৰু পাইপত তেল পৰিবহনৰ চাপ কমিলেই পাইপ ফুটা কৰা স্থানডোখৰ সম্পূৰ্ণ ৰূপে মেৰামতি কৰা হ'ব। এক সূত্ৰই জনোৱা মতে, যোৱা ৬অক্টোবৰৰ বিয়লি ৪মান বজাত ঘটনাস্থলীৰ কাষৰ পথত এখন ধোঁৱা বৰণীয়া ইক' ৰ্স্প'ষ্টচ গাড়ীৰ পৰা ৩জন ল'ৰা নামি গৈছিল পাইপ লাইনৰ ফালে। গাড়ীখনৰ ভিতৰত এটা স্কুল বেগ আৰু কেই পেকেট মান চিগাৰেট দেখা পাইছিল স্থানীয় লোকে। যুৱক কেইজন শ্ৰমিকৰ দৰে দেখাত আছিল বুলি স্থানীয় লোকে জানিব দিয়ে। উল্লেখ্য যে, পূৰ্বে একেখন পথাৰতে পথটোৰ পূবফালে পাইপ ফুটা কৰি খাৰুৱা তেল চুৰি কৰি নিছিল তেল চোৰ চক্ৰই।

নগাঁৱত পুনৰ তেল চোৰ চক্ৰঃ অইলৰ পাইপ ফুটাই খাৰুৱা তেল চুৰিৰ চেষ্টা
বিশিষ্টা লেখিকা-সমাজসেৱী চম্পা বৰাৰ দেহাৱসান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in