বিশিষ্টা লেখিকা-সমাজসেৱী চম্পা বৰাৰ দেহাৱসান

বিশিষ্ট লেখিকা সমাজসেৱী চম্পা বৰাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহদান সম্পন্ন...
বিশিষ্টা লেখিকা-সমাজসেৱী চম্পা বৰাৰ দেহাৱসান

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী আজাৰাৰ সমাজহিতৈষী মহিলা প্ৰাক্তন সমাজ কল্যাণ বিষয়া চম্পা বৰাই সোমবাৰে দুপৰীয়া শেষ নিশ্বাস ত্যাগ কৰে। তেখেতে দীৰ্ঘদিন বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৮ বছৰ। উল্লেখ্য যে, আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধক এৰি থৈ যোৱা মানৱতাবাদী আৰু বিজ্ঞানমনস্ক মহিলাগৰাকীৰ শেষ ইচ্ছা অনুসৰি সোমবাৰে তেখেতৰ মৰণোত্তৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দান কৰা হয়।

এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জি এম চি কৰ্তৃপক্ষৰ হৈ চম্পা বৰাৰ মৰণোত্তৰ দেহ মৰ্যাদা সহকাৰে গ্ৰহণ কৰে এনাটমী বিভাগৰ মুৰব্বী অধ্যাপক সত্যজিৎ মিত্রই। ইতিমধ্যে তেখেতৰ চকুযুৰি সংগ্রহ কৰা হৈছে আৰু দুগৰাকী অন্ধ ব্যক্তিৰ অন্ধত্ব তাৰে নিবাৰণ কৰা হ'ব। অনুষ্ঠানটোত উপস্থিত থাকি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডাঃ জয়দেৱ শৰ্মাই কয় যে- প্ৰয়াত চম্পা বৰাই মৰণোত্তৰ দেহদানেৰে মানৱতাবাদী আৰু বিজ্ঞানমনস্কতাৰ দৃষ্টান্ত দাঙি ধৰিলে। পৰিয়ালৰ পক্ষৰ পৰা মনমোহন মহন্তই মানৱ কল্যাণৰ হকে প্ৰয়াত বৰাৰ জীৱনজোৰা অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে।

অনুষ্ঠানত উপস্থিত থাকি কেইবাগৰাকীও শিক্ষক-কৰ্মচাৰী, প্ৰয়াত বৰাৰ ভতিজাক ৰাজীব বৰা সমন্বিতে পৰিয়ালৰ সদস্যৰ উপৰিও ডঃ বাসুদেৱ দাস, মনোজ ৰায় প্ৰমুখ ইলোৰা বিজ্ঞান মঞ্চৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰি বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী ব্যক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। উল্লেখ্য যে, প্ৰয়াত বৰাই ৩০ এপ্রিল ২০১৩ তাৰিখে মঞ্চৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ কল্যাণৰ হকে মৰণোত্তৰ দেহদানৰ শেষ ইচ্ছা-পত্ৰত স্বাক্ষৰ কৰি ৰাখিছিল।

প্ৰয়াত চম্পা বৰাই গোটেই জীৱন মানৱ কল্যাণৰ হকে কাম কৰিছিল। তেখেতে অসম চৰকাৰৰ সমাজ কল্যাণ বিষয়া হিচাপে অসমৰ বিভিন্ন ঠাইত কৰ্মসূত্ৰে থকা কালত মহিলা আৰু শিশুৰ কল্যাণৰ হকে বিভিন্ন প্ৰকল্প ৰূপায়ণ কৰিছিল। এগৰাকী সু-সাহিত্যিকো হোৱা বৰাই কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰিছিল। তেওঁ অসম সাহিত্য সভা, শংকৰদেৱ সংঘ সহ বিভিন্ন সামাজিক সংগঠনৰ সৈতে ওতঃপ্রোতঃভাৱে জড়িত আছিল। ইলোৰা বিজ্ঞান মঞ্চই মানৱহিতৈষী তথা বিজ্ঞানমনস্ক সমাজকৰ্মী চম্পা বৰাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। মঞ্চই তেখেতৰ শোকবিহ্বল স্বজনৰ প্ৰতি জ্ঞাপন কৰিছে গভীৰ সমবেদনা।

বিশিষ্টা লেখিকা-সমাজসেৱী চম্পা বৰাৰ দেহাৱসান
আহি আছে পৰীক্ষা!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in