সমাজকৰ্মী-প্ৰাক্তন ছাত্ৰনেতা প্ৰয়াত মিত্ৰদেৱ মহন্তৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

সমাজকৰ্মী-প্ৰাক্তন ছাত্ৰনেতা প্ৰয়াত মিত্ৰদেৱ মহন্তৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইডঙীয়া নসত্ৰৰ প্ৰয়াত মিত্ৰদেৱ মহন্তৰ স্মৃতিত সোমবাৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। সন্ধিয়া ৭বজাত ৰাইডঙীয়া পাঁচআলিস্থিত ছহীদ স্মৃতি ভৱনত প্ৰাক্তন ছাত্ৰনেতা মহন্তৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অঞ্চলটোৰ ১৫ টাকৈ অনুষ্ঠান আৰু দল-সংগঠন একত্ৰিত হয়।

মৌণ প্ৰাৰ্থনাৰে আৰম্ভণি হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি ৰাইডঙীয়া আঞ্চলিক ক্ৰীড়া সংস্থা, সোনাই নদী উত্তৰ আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতি, শ্বহীদ স্মৃতি ভৱন পৰিচালনা সমিতি, জাগৰণ সাংস্কৃতিক গোষ্ঠী, সৌৰভ শাখা সাহিত্য সভা, শিল্পী মঞ্চ, শিশুৰ বাবে উৎসৰ্গিত অনুষ্ঠান বিকাশ, শঙ্কৰ মন্দিৰ পৰিচালনা সমিতিৰ , জেষ্ঠ নাগৰিক মঞ্চ ,ৰাজহুৱা মঞ্চ, সংগীত কানন, ৰাইডঙীয়া আঞ্চলিক ছাত্ৰ সন্থা, ৰাইডঙীয়া হিন্দী বিদ্যালয়, ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন সমিতিকে আদি কৰি ১৫ টা অনুষ্ঠান, দল-সংগঠনৰ বিষয়ববীয়া, সদস্যই মিত্ৰদেৱ মহন্তৰ কৰ্মৰাজী সোঁৱৰণ কৰি অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখ্য যে, প্ৰয়াত মিত্ৰদেৱ মহন্তই ৰাইডঙীয়া অঞ্চলৰ বহু সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠান, দল-সংগঠনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ কাণ্ডাৰী হিচাপে সমাজসেৱা আগবঢ়াইছিল। ৫৪ বছৰীয়া সমাজকৰ্মী তথা প্ৰাক্তন ছাত্ৰনেতা মিত্ৰদেৱ মহন্তই শনিবাৰে নিশা শ্বাস প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হৈ আকস্মিকভাবে মৃত্যুক সাৱটি লয়।

সমাজকৰ্মী-প্ৰাক্তন ছাত্ৰনেতা প্ৰয়াত মিত্ৰদেৱ মহন্তৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
পৰম্পৰাগত সাজত নগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in