পৰম্পৰাগত সাজত নগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

পৰম্পৰাগত সাজত নগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁওঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ প্ৰতি লক্ষ্য ৰাখি অসমতো শাসকীয় বিজেপিৰ লগতে বিৰোধী ৰাজনৈতিক দলসমূহেও তৎপৰতা আৰম্ভ কৰিছে। নগাঁৱত সোমবাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে নগাঁও লোকসভা সমষ্টিৰ দলীয় কৰ্মী, ৰাইজ, কৃষক আদি বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে মত বিনিময় কৰিবলৈ উপস্থিত হয় কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী কিৰেন ৰিজিজু।

কেন্দ্ৰীয় মন্ত্ৰীজনে ভাদ মাহ উপলক্ষে নামঘৰত উপস্থিত হৈ আৰ্শীবাদ গ্ৰহণ কৰে ৷ কলংপাৰ হালোৱাগাঁও নামঘৰত ভকত-গোপিনীৰে মত বিনিময়ও কৰে তেওঁ ৷ একেদৰে ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ মন্ত্ৰীজনে শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰীৰে মত বিনিময় কৰে ৷ নগাঁৱত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত দলীয় কৰ্মী, ৰাইজ, বুদ্ধিজীৱীৰ সৈতে মত বিনিময় কৰাৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুয়ে।

শ্ৰমিক শ্রেণীৰ লোকৰ সৈতেও মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ইপিনে এক দেশ এক নিৰ্বাচন সন্দৰ্ভতো মন্তব্য কৰে তেওঁ। সংসদত আইন প্ৰণয়ন এটা পদ্ধতিৰ মাজেৰে হে হয়, সেয়ে এই ক্ষেত্ৰত কোনো মন্তব্য কৰাটো উচিত নহয় বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুয়ে।

উল্লেখযোগ্য যে, সমষ্টি পুনৰ নিৰ্ধানৰ জৰিয়তে নগাঁও লোকসভা সমষ্টি বিজেপিয়ে বেলেগক গতাই দিয়াৰ অভিযোগ উত্থাপন কৰি শাসকীয় দলটোতে বিসম্বাদ আৰম্ভ কৰিছিল নগাঁও লোকসভা সমষ্টিৰেই প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইয়ে। তাৰ পিছতেই হঠাৎ নগাঁও লোকসভা সমষ্টি দখলৰ উদ্দেশ্যে তৎপৰ হৈ পৰিছে শাসকীয় বিজেপি দল।

পৰম্পৰাগত সাজত নগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু
নগাঁৱত শিশু সুৰক্ষা অভিযানৰ সামৰণি অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in