ধাবালৈ মাতি নি কিশোৰীক ধৰ্ষণ বিবাহিত পুৰুষৰ...

বটদ্ৰৱাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি এগৰাকী কংগ্ৰেছ নেতাৰ ধাবাত সংঘটিত হয় নাবালিকা ধৰ্ষণ কাণ্ড। দেওবাৰে সংঘটিত হৈছে এই ঘটনা।

author-image
Asomiya Pratidin
New Update
ধাবালৈ মাতি নি কিশোৰীক ধৰ্ষণ বিবাহিত পুৰুষৰ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি এগৰাকী কংগ্ৰেছ নেতাৰ ধাবাত সংঘটিত হয় নাবালিকা ধৰ্ষণ কাণ্ড। দেওবাৰে সংঘটিত হৈছে এই ঘটনা।

অনৈতিক কাৰ্য কলাপৰ ঘাটিলৈ পৰিণত হৈছে কংগ্ৰেছ নেতাৰ "গঙ্গা ধাবা'। ধাবাখনৰ গোপন ৰুমত এটা সন্তানৰ পিতৃয়ে চৈধ্য বছৰীয়া নাবালিকাক ফুচলাই নি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী সময়ত মূমুৰ্ষ অৱস্থাত উদ্ধাৰ হয় কিশোৰী গৰাকী।

উল্লেখ্য যে, নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথৰ ৰাইদঙীয়াৰ গঙ্গা ধাবাত নিতৌ চলে অনৈতিক কাৰ্য। কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু বিধায়িকা শিবামনি বৰাৰ অতি ঘনিষ্ঠ এই ধাবাখনৰ মালিক।

বটদ্ৰৱাৰ বাটমাৰীৰ এটা সন্তানৰ পিতৃ মফিদুল ইছলামে আন দুজন বন্ধুৰ সহযোগত কিশোৰী গৰাকীক ধাবা খনত ধৰ্ষণ কৰি মুমূৰ্ষ অৱস্থাত পেলাই থৈ যোৱাৰ পিছত ৰাইজে উদ্ধাৰ কৰে কিশোৰী গৰাকীক। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীক অৱগত কৰোৱা হৈছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Also Read: কংগ্ৰেছ-এআইইউডিএফৰ আনুষ্ঠানিক মিত্ৰতা থাকক বা নাথাকক তেওঁলোক একেইঃ মন্ত্ৰী পীযুষ হাজৰীকা

crime Assam police