/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
নগাওঁ চিকিৎসা মহিবিদ্যালয়ৰ সন্মুখত অগ্নিদগ্ধ মহিলা উদ্ধাৰ...
ডিজিটেল ডেস্কঃ নগাওঁ মেডিকেল কলেজৰ সন্মুখত উদ্ধাৰ হৈছে এগৰাকী অগ্নিদগ্ধ মহিলা। দেহৰ প্ৰায় ৭০ শতাংশ জ্বলি যোৱা এই মহিলাগৰাকীক কোনো লোকো সেই স্থানত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে।
উল্লেখ্য যে, উদ্ধাৰ হোৱা এই মহিলাগৰাকীক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। স্থানীয় লোকে সন্দেহ কৰা অনুসৰি কোনো কাৰণত অগ্নিদগ্ধ হোৱা এই মহিলাগৰাকীক চিকিৎসাৰ বাবে অনা হৈছিল যদিও চিকিৎসালয়ৰ বাহিৰতে এৰি থৈ যায়।
অৱশ্যে স্থানীয় লোকে, স্থানীয় সাংবাদিকৰ সহায়ত অসহায়, অগ্নিদগ্ধ মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে। পৰৱৰ্তী সময়তহে এই মহিলাগৰাকীৰ সম্পূৰ্ণ পৰিচয় আৰু তেওঁৰ কিদৰে এই অৱস্থা হ'ল সেই সন্দৰ্ভত জানিব পৰা যাব। ঘটনা সন্দৰ্ভত অৱগত কৰা হৈছে স্থানীয় আৰক্ষীকো।
Also Read: বৰপেটাৰ কালাইৰদিয়া গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড...