ভাল খবৰ! সোমবাৰে মুকলি হ'ব নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়

বহু প্ৰত্যাশিত ভাল খবৰ নগাঁৱৰ বাবে ৷ দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আহিছে সু খবৰটো ৷ সাত বছৰৰ পিছত নগাঁৱৰ ৰাইজে আশা কৰি থকা ভাল খবৰটো আহিছে ৷
ভাল খবৰ! সোমবাৰে মুকলি হ'ব নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়

ডিজিটেল সংবাদ,নগাঁও : বহু প্ৰত্যাশিত ভাল খবৰ নগাঁৱৰ বাবে ৷ দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আহিছে সু খবৰটো ৷ সাত বছৰৰ পিছত নগাঁৱৰ ৰাইজে আশা কৰি থকা ভাল খবৰটো আহিছে ৷

ৰাজ্য চৰকাৰে নগাঁও জিলাবাসীৰ বাবেই নহয় মধ্য অসমৰ বাবে আনিছে ভাল খবৰটো ৷ স্বাস্থ্য খণ্ডত এই সুখবৰ ৷ আশা কৰি থকাৰ দৰে ৰাজ্য চৰকাৰে সোমবাৰে দিব ভাল খবৰটো ৷

সোমবাৰে নগাঁও জিলাৰ ম’হখুলিত মুকলি কৰা হ'ব নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় ৷ বহু প্ৰত্যাশিত নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় অ পি ডি সেৱা মুকলি কৰা হ'ব ৷

সাত বছৰজোৰা নিৰ্মান কাৰ্যৰ পিছত নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অ পি ডি সেৱা সোমবাৰে পুৱা মুকলি হোৱাৰ পিছত নিশ্চিত ভাবে চিকিৎসাৰ সেৱাৰ উত্তৰনৰ ক্ষেত্ৰত নগাঁও জিলাই নহয় ৰাজ্যখন এঢাপ আগবাঢ়িল বুলিব পাৰি ৷

ইতিমধ্যে ৰাজ্য চৰকাৰে নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ বাবে অধ্যক্ষ ও মুখ্য অধীক্ষক নিয়োগ কৰিছে ৷ অধ্যক্ষ ও মুখ্য অধীক্ষক হিচাপে নিয়োগ কৰিছে ডা° শিল্পী ৰাণী বৰ্মনক ৷

ইয়াৰ বাহিৰেও নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় বিভিন্ন বিভাগৰ চিকিৎসক নিয়োগৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা বুলি জানিব পৰা গৈছে ৷ সকলো বিভাগৰ সম্পূৰ্ণ পদত চিকিৎসকক নিয়ুক্তি দিয়া হোৱা নাই যদিও বিভাগসমূহৰ পদসমূহৰ আংশিক পদ পূৰণ কৰা হৈছে ৷

মহাবিদ্যালয়ৰ মূল মহাবিদ্যালয়ৰ ভৱনৰ লগতে প্ৰশাসনিক ভৱনৰ নিৰ্মানৰ কাম সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে ৷ ইয়াৰ বাহিৰেও লৰা আৰু ছোৱালীৰ হোষ্টেল আদিৰ কামো সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে ৷ গৃহ নিৰ্মানৰ কিছু কাম বাকী আছে যদিও চৰকাৰী ভাবে নগাঁও চিকিৎসা মহাবিদ্যালয় পৰ্যায় ক্ৰমে মুকলি কৰাৰ পক্ষত ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷

আৰু পঢ়ক: অকলশৰীয়া মহিলাক মৰিয়াই মৰিয়াই হত্যা কৰিলে প্ৰেমিক নিজাম আলীয়ে...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in