অকলশৰীয়া মহিলাক মৰিয়াই মৰিয়াই হত্যা কৰিলে প্ৰেমিক নিজাম আলীয়ে...

দেশত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। একাংশই নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। প্ৰেমৰ জালত পৰি বহু সময়ক একাংশ যুৱক-যুৱতীয়ে প্ৰাণ হেৰুৱাবলগীয়াৰ দৰে ঘটনাও সংঘটিত হয়।
অকলশৰীয়া মহিলাক মৰিয়াই মৰিয়াই হত্যা কৰিলে প্ৰেমিক নিজাম আলীয়ে...

ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। একাংশই নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। প্ৰেমৰ জালত পৰি বহু সময়ক একাংশ যুৱক-যুৱতীয়ে প্ৰাণ হেৰুৱাবলগীয়াৰ দৰে ঘটনাও সংঘটিত হয়। ইয়াৰ মাজতে মহানগৰীৰ পৰাই পোহৰলৈ আহিছে এক নৃশংস হত্যাকাণ্ড।

মৰিয়াই মৰিয়াই হত্যা প্ৰেমিকে হত্যা কৰিলে এগৰাকী মহিলাক। মহিলাগৰাকীৰ নাম মইনা বড়ো। ফটাশিল আমবাৰীৰ ৰঘুনাথ পথত সংঘটিত হৈছে এই ঘটনা।

ঘটনাৰ বিৱৰণী অনুসৰি মহিলা গৰাকীৰ স্বামী নাই। একমাত্ৰ কন্যাক বিয়া দিয়া মহিলা গৰাকী হৈ পৰিছিল অকলশৰীয়া। তাৰ পাছতেই নিজাম আলী নামৰ যুৱকজন আহিছিল মইনাৰ জীৱনলৈ।

মহিলা গৰাকীৰ লগত একেলগে থকাৰ প্ৰতিশ্ৰুতি দিছিল নিজাম আলীয়ে। কিন্তু শনিবাৰে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়। নিজাম আলীয়ে মহিলা গৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰে।

তাৰ পাছতেই মহিলা গৰাকী ঘৰলৈ আহে । স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ওচৰ চুবুৰীয়াই হাস্পাতাললৈ নিয়াৰ সয়মতে মৃত্যু হয় মহিলা গৰাকীৰ। এই ঘটনাৰ পাছতেই আৰক্ষীয়ে আটক কৰে নিজাম আলীক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আৰু পঢ়ক: তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত থিতাতে প্ৰাণ গ'ল SSB জোৱানৰ... 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in