নগাঁও ইলেক্ট্ৰনিক মিডিয়াৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন...

নগাঁও ইলেক্ট্ৰনিক মিডিয়াৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন...

ডিজিটেল সংবাদ, নগাঁও : মঙ্গলবাৰে দিনজোৰা কাৰ্যসূচীৰে নগাঁও জিলা পুথিভঁৰালত নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ’চিয়েছনৰ উদ্যোগত আয়োজন কৰা হয় বিষ্ণুৰাভা দিৱস। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ভ্ৰান্তি কলা বা ইলুছন শিল্পৰে চিকিৎসা বিজ্ঞানত স্বীকৃতি লাভ কৰা শুচিব্ৰত ৰয়ে ইলুছন শিল্পৰ বিষয়ে কণ-কণ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকক প্ৰদান কৰে বক্তৃতা ৷

নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ’চিয়েছনৰ উদ্যোগত নগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত কৰা বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিভিন্ন বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপে কাম কৰা শুচিব্ৰত ৰয়ে শিশু সকলক কেনেকৈ মানসিক ৰোগৰ পৰা আতৰাই ৰাখিব পাৰি সেই সন্দৰ্ভতো মনোগ্ৰাহী বক্তৃতা আগবঢ়াই ৷

উল্লেখ্য যে, অ’টিজিমত আক্ৰান্ত শিশুৰ চিকিৎসা ক্ষেত্ৰত প্ৰয়োগ কৰা হয় এই ইলুছন শিল্প৷ আনহাতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি নিশাৰ ভাগলৈ জিলা পুথিভঁৰালৰ মঞ্চত মঞ্চায়িত কৰা হ’ব সঞ্জীৱ পল ডেকাৰ গল্পৰ আধাৰত হিমাংশু প্ৰসাদ দাসৰ পৰিকল্পনা আৰু পৰচালনাৰে নাটক “লাজ” ৷

নগাঁও ইলেক্ট্ৰনিক মিডিয়াৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন...
SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰী: শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব আন এজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in