SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰী: শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব আন এজন...

ইতিমধ্যেই এই সন্দৰ্ভত কেইবাজনকো গ্ৰেপ্তাৰ কৰাৰ পিছত অতি শীঘ্রে দিবাকৰ শইকীয়া সোণোৱাল নামৰ এজনক গ্রেপ্তাৰ কৰা হ’ব

author-image
Asomiya Pratidin
New Update
SCERT কেলেংকাৰীঃ জামিন নাকচ ৬ অভিযুক্তৰ...

ডিজিটেল ডেস্ক : অব্যাহত আছে এছ চি ই আৰ টিৰ ১০৫ কোটিটকীয়া কেলেংকাৰীৰ তদন্ত। ইতিমধ্যেই এই সন্দৰ্ভত কেইবাজনকো গ্ৰেপ্তাৰ কৰাৰ পিছত অতি শীঘ্রে দিবাকৰ শইকীয়া সোণোৱাল নামৰ এজনক গ্রেপ্তাৰ কৰা হ’ব বুলি তথ্য আহি পৰিছে।

Advertisment

সমান্তৰালভাবে বাবা সোণোৱাল নামৰ আন এজনক বিচাৰি চি এম ভিজিলেন্সে অভিযান অব্যাহত ৰাখিছে। এম এছ এণ্টাৰপ্রাইজৰ নামত একাউণ্টযোগে কেইবালাখ টকা লোৱাৰ তথ্য লাভ কৰিছে তদন্তকাৰী দলে। এই অভিযোগ বাবা সোণোৱালৰ বিৰুদ্ধে।

উল্লেখ্য দুয়োজন এছ চি ই আৰ টিৰ উপসঞ্চালক লক্ষী সোণোৱালৰ ঘনিষ্ঠ। আনহাতে চি এম ভিজিলেন্সত ৰুজু হৈ থকা গোচৰ ই ডিলৈ হস্তান্তৰ কৰা হৈছে। ইতিমধ্যে আদালতৰ পৰা অনুমতি গ্রহণ কৰিছে ই ডিয়ে। চাৰ্জশ্বীট দাখিলৰ পিছতেই ই ডিয়ে আৰম্ভ কৰিব তদন্ত।

Also Read: অসমীয়া ভাষাক কাৰিকৰী দিশত আগুৱাই নিয়াৰ উদ্দেশ্যেৰে মুকলি "পদ্মনাথ শ্ৰব্য অভিধান"...

GOVT OF ASSAM