Advertisment

নগাঁৱত নিৰ্বাচনী পৰিস্থিতিৰ বুজ লয় অনুৰাগ গোৱেলে

নগাঁৱত নিৰ্বাচনী পৰিস্থিতিৰ বুজ লয় অনুৰাগ গোৱেলে

author-image
Asomiya Pratidin
New Update
নগাঁৱত নিৰ্বাচনী পৰিস্থিতিৰ বুজ লয় অনুৰাগ গোৱেলে

ডিজিটেল সংবাদ ,নগাঁওঃ চলিত লোকসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্য আগত ৰাখি সোমবাৰে নগাঁও জিলাত অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল উপস্থিত হৈ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হবলগা ৯নং নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচন সংক্ৰান্তীয় বিভিন্ন কাম কাজৰ বুজ লয়।

Advertisment

ইয়াৰ পিছতে বিষয়াজনে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত স্থাপন কৰা ই ভি এম থবলগীয়া ষ্ট্ৰং ৰুমসমূহ পৰিদৰ্শন কৰে। তেখেতৰ এই পৰিদৰ্শন কালছোৱাত জিলা নিৰ্বাচনী বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহ , জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, নিৰ্বাচনী বিষয়া মানস প্ৰতিম নাথৰ লগতে বিভিন্ন নিৰ্বাচনী কোষৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

Also Read: জামুগুৰিহাটৰ মাউন্ট চিনাই ইংলিছ হাইস্কুলৰ উত্তীৰ্ণৰ হাৰ ১০০%...

nagaon loksabha election