Advertisment

জামুগুৰিহাটৰ মাউন্ট চিনাই ইংলিছ হাইস্কুলৰ উত্তীৰ্ণৰ হাৰ ১০০%...

জামুগুৰিহাটৰ মাউন্ট চিনাই ইংলিছ হাইস্কুলৰ উত্তীৰ্ণৰ হাৰ ১০০%...

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ মাউন্ট চিনাই ইংলিছ হাইস্কুলৰ উত্তীৰ্ণৰ হাৰ ১০০%...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ পূৰ্বৰ ধাৰা অব্যাহত ৰাখি পুনৰ উজলিল জামুগুৰিহাটৰ ৰঙাচকুৱাৰ ইংৰাজী মাধ্যমৰ 'মাউণ্ট চিনাই ইংলিছ হাইস্কুল'খনে। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ হোৱা মুঠ ১৭গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১৭গৰাকীয়েই প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

Advertisment

ইয়াৰে তিনিজন ছাত্ৰই ডিষ্টিংচন লাভ কৰাৰ লগতে এজন ছাত্ৰই ষ্টাৰ লাভ কৰি বাকী ১৩জন ছাত্ৰ-ছাত্ৰীয়েই বিভিন্ন বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে । বিদ্যালয়ৰ মুঠ উত্তীৰ্ণ হাৰ ১০০% শতাংশ। বিগত বৰ্ষসমুহৰ দৰেই এই বছৰো বিদ্যালয়খনৰ ফলাফলক লৈ স্বাভাৱিকভাৱেই উৎফুল্লিত হৈছে অভিভাৱকসকলৰ লগতে অঞ্চলটোৰ সচেতন মহল।

এই উপলক্ষে বিদ্যালয়খনত আজি অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত বিদ্যালয়ৰ পৰিচালন সঞ্চালক তেজ নেৱাৰে অনুষ্ঠান উদ্ধোধন কৰাৰ পাছতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক ,বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু শিক্ষক কৰ্মচাৰীসকলৰ উপস্থিতিত সমুহ কৃতি ছাত্ৰ-ছাত্ৰীক একোখনকৈ অসমীয়াৰ স্বাভিমান ফুলাম বিহুৱানৰে সমৰ্ধনা জনোৱা হয়৷

Also Read: এইবাৰ কংগ্ৰেছক শূন্য কৰিম,মুছলমান ৰাইজক শুহি শুহি খোৱা দালাল নাইকীয়া কৰিম: পিযুষ হাজৰিকা

jamugurihaat HSLCresult