৯ মাৰ্চত নগাঁৱত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

৯ মাৰ্চত নগাঁৱত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

author-image
Asomiya Pratidin
New Update
 ৯ মাৰ্চত নগাঁৱত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

ডিজিটেল সংবাদ,নগাঁও: ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে নগাওঁ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অহা ৯ মাৰ্চত পুৱা ১০ বজাৰ পৰা নগাওঁ ন্যায়িক আদালত ভৱনত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে।

Advertisment

উক্ত ৰাষ্ট্ৰীয় লোক আদালতত ফৌজদাৰী,দেৱানী,পাৰিবাৰিক,ৰাজহ সংক্ৰান্তীয় গোচৰৰ লগতে পথ দুৰ্ঘটনা, বিভিন্ন বেংকৰ ঋণ আদি বিভিন্ন গোচৰ ব্যয়হীন ভাৱে,খৰতকীয়াকৈ নিস্পত্তিৰ ব্যৱস্থা কৰা হ'ব ৷ তদুপৰি বিভিন্ন ৰাষ্ট্ৰীয়কৃত তথা আঞ্চলিক বেংকৰ লেন-দেন (ঋণ), টেলিফোন বিল,বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদ সমূহ নিস্পত্তিৰ ব্যৱস্থা কৰা হব এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে ৷

ৰাইজৰ সুবিধাৰ্থে এই গোচৰ সমূহৰ আগতীয়া শুনানিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সম্পৰ্কত নগাওঁ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিবে নগাওঁ ন্যায়িক আদালত ভৱনৰ চতুৰ্থ মহলাৰ ৬৩ নং কক্ষৰ লগত যোগাযোগ কৰিবলৈ সংশ্লিষ্ট সকলোক প্ৰক্ষকে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা সচিব মনিকা মিছঙে আহ্বান জনাইছে ৷

Also Read: ৰঙিয়া মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন